The Midnight Visitor class 10 in Assamese
The Midnight Visitor class 10 in Assamese: The Midnight Visitor is a lesson from class 10 English NCERT main text book footprints without feet . The Midnight Visitor is written by Robert Arthur. Here, you'll get The Midnight Visitor class 10 in Assamese.
The Midnight Visitor পাঠটো Robert Arthur ৰ দ্বাৰা লিখা হৈছে। ইয়াত মই The Midnight Visitor পাঠটো অসমীয়াত উপস্থাপন কৰিবলৈ প্ৰচেষ্টা কৰিছো।
অন্যান্য পাঠসমূহৰ সাৰাংশ আৰু ব্যাখ্যা
The Midnight Visitor summary in Assamese /The Midnight Visitor Axomiyat mulvab
The Midnight Visitor কাহিনীটো হৈছে এজন চলাকাৰী গোপন এজেণ্টৰ বিষয়ে। তেওঁ গোটেই সন্ধিয়া Fowler নামৰ যুৱ লেখকৰ সৈতে আছিল, কিয়নো Fowler য়ে এজন গোপন এজেণ্টৰ সৈতে সময় কটোৱাত আগ্ৰহী আছিল কিন্তু যেতিয়া তেওঁ Ausable সৈতে সময় কটায় তেতিয়া তেওঁ অনুভৱ কৰে যে তেওঁ গোপন এজেণ্টৰ বিষয়ে যি কল্পনা কৰিছিল বা পঢ়িছিল তাৰ ঠিক বিপৰীত আৰু এইবাবে তেওঁ বিৰক্ত হৈছিল ।
Ausable য়ে Fowler ক কৈছিল যে তেওঁ ভুল চিন্তা কৰি আছে আৰু তেওঁক আনন্দ কৰিবলৈ কৈছিল, কিয়নো তেওঁ কিছুমান নতুন মিছাইলৰ বিষয়ে এক " গোপন আৰু যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য" দেখিব আৰু সেই তথ্যবোৰে দেশৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব। তাৰ পিছত Ausable য়ে Fowler ক তেওঁৰ হোতেলৰ ভাড়া কোঠালৈ লৈ যায়।
তেওঁ দুৱাৰখন খুলি তেওঁৰ অতিথি Fowler প্ৰথমে প্ৰৱেশ কৰিবলৈ কৈছিল। যেতিয়া তেওঁলোকে কোঠাত প্ৰবেশ কৰে তেওঁলোকে দেখিলে যে Max নামৰ আন এজন গোপন এজেণ্ট তেওঁৰ হাতত এটা স্বয়ংক্ৰিয় পিষ্টল ধৰি থকা কোঠাত থিয় হৈ আছে আৰু ইয়াক Ausable আৰু Fowler ৰ ফালে টোঁৱাই আছে। Max য়ে তেওঁলোকক আৰামদায়ক হ'বলৈ কৈছিল । তেওঁ Ausable ৰ পৰা সেই তথ্যবোৰ কাঢ়ি নিবলৈ আহিছে বুলি জনাই ।
Fowler ৰ বাবে এই দৃশ্য ৰোমাঞ্চিত আছিল । তাৰ পিছত কাহিনীটোৰ ৰহচ্য আৰম্ভ হয়, তেওঁলোকে কথা পাতি থাকোঁতে, Ausable য়ে Max ক প্ৰশ্ন কৰে, তেওঁৰ কোঠাত কেনেদৰে প্ৰৱেশ কৰে । Max য়ে উত্তৰ দিয়ে যে তেওঁ নকল চাবিৰ সহায়ত প্ৰৱেশ কৰিছে । তেতিয়া Ausable তেওঁৰ কোঠাৰ একমাত্ৰ খিৰিকী খনৰ তলৰ বেলকনিটোৰবিষয়ে উল্লেখ কৰে আৰু Max য়ে সেই বেলকনিটোৰে ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কয় !
Ausable য়ে একেটা বিষয় বাৰে বাৰে পুনৰাবৃত্তি কৰে । তেওঁ বেলকনিটোৰ বিষয়ে এটা মিছা কাহিনী তৈয়াৰ কৰিছিল, তেওঁৰ আৰু Max ৰ মাজত এই আলোচনা চলি থাকোতে, দুৱাৰত হঠাৎ খটখটি শুনা গ'ল। Max য়ে সুধিলে কোন হব পাৰে ? Ausable য়ে উত্তৰ দিয়ে যে তেওঁলোক আৰক্ষী হ'য়, তেওঁ তেওঁলোকক কিছু সময়ৰ পিছত আহিব কৈছিল কিয়নো তেওঁ মিছাইলৰ তথ্যবোৰৰ অতিৰিক্ত সুৰক্ষা বিচাৰিছে ।
Max য়ে তেওঁলোকৰ ফালে বন্দুক টোঁৱাই কৈছিল যে তেওঁ বেলকনিটোত অপেক্ষা কৰিব আৰু Ausable আৰক্ষীক উভতাই পঠোৱা উচিত নহলে তেওঁ তেওঁলোকক গুলি কৰিব । দুৱাৰত খটখটনি পুনৰাবৃত্তি কৰি আছিল।
বেলকনিটোত লুকুৱাবলৈ Max খিৰিকীলৈ যায় আৰু জঁপিয়াই ওলাই যায় আৰু বাহিৰত এক প্ৰচণ্ড চিঞৰ শুনা যায়। Ausable য়ে দুৱাৰখন খোলে আৰু এজন ৱেইটাৰ আহে আৰু কয় যে তেওঁ আদেশ কৰা মদ আনিছে। তেওঁ বটল, ট্ৰে আৰু গিলাচসহ টেবুলত ৰাখে, বটলটোৰ ধাকনি খুলি কোঠাৰ পৰা যায় ।
Fowler আচৰিত হয় আৰু Ausable ক আৰক্ষীৰ বিষয়ে সোধাত ধেমালি ভাৱে উত্তৰ দিয়ে যে কোনো আৰক্ষী নাই। তাৰ পিছত Fowler ৰে Max ৰ বিষয়ে সুধিছিল, যিয়ে খিৰিকীৰ বাহিৰৰ বাৰান্দাত অপেক্ষা কৰি আছে । Ausable য়ে উত্তৰ দিয়ে যে Max আৰু পুনৰ ঘুৰি নাহে আৰু ইয়াত কোনো বেলকনি নাই।
কাহিনীটোত ই পৰিস্থিতিৰ সুবিধা লোৱাৰ সৈতে Ausable ৰ চটুৰালি আৰু মনৰ উপস্থিত বুদ্ধি দেখুৱায় । Ausable য়ে Max ক বিচলিত কৰি তোলে আৰু খিৰিকীৰ বাহিৰৰ বাৰান্দাৰ বিষয়ে ভাবিবলৈ সময় দিয়া নাছিল । তেওঁ হোটেলৰ ওপৰৰ মজিয়াৰ পৰা জঁপিয়াইছিল আৰু সম্ভৱত মৃত্যু হ'ল । এইদৰে Ausable য় Max ক হত্যা কৰি নিজকে এক অতি বিপদজনক পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিল।
প্ৰশ্নসমূহৰ উত্তৰৰ বাবে তলত দিয়া ছবিখন স্পৰ্শ কৰক
আশা কৰো আপুনি এই প্ৰচেষ্টাত সন্তুষ্ট, অনুগ্ৰহ কৰি মন্তব্য শাখাত লিখক, আপোনাৰ সহপাঠী, বন্ধুবৰ্গৰ সৈতে share কৰক লগতে আপোনাৰ মূল্যৱান পৰামৰ্শ লিখিবলৈ নাপাহৰিব। ধন্যবাদ
Nice summary
ReplyDelete