22.5.21

Jikir (জিকিৰ) class 10 Questions Answers HSLC Assamese SEBA

Jikir (জিকিৰ) class 10 Questions Answers HSLC Assamese SEBA

Jikir (জিকিৰ) class 10 Questions Answers HSLC Assamese SEBA


Jikir (জিকিৰ) class 10 Questions Answers HSLC Assamese SEBA: Jikir is the 2nd poem from class 10 HSLC Assamese (MIL) SEBA text-book "Axomia Sahitya Chayanika". Here you will get Jikir class 10 Questions Answers HSLC Assamese SEBA. 




Class 10 Assamese Zikir Text-book Questions Answers


জিকিৰ

― অজান ফকিৰ


প্ৰশ্নৱলী

ভাব - বিষয়কঃ


১। চমু উত্তৰ দিয়াঃ


(ক) জিকিৰৰ ৰচক কোন ? (HSLC 18) 

উত্তৰ: জিকিৰৰ ৰচক হ’ল আজান ফকিৰ । 


(খ) জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি ?

উত্তৰ: জিকিৰবােৰক হিন্দুৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি ।


(গ)  "জিকিৰ" শব্দটো কি শব্দৰ পৰা ওলাইছে ?

উত্তৰ: ‘জিকিৰ' শব্দটো আৰবী ‘ জিকৰ’ শব্দৰ পৰা ওলাইছে ।


২। তলৰ শব্দবােৰৰ অৰ্থ লিখাঃ

   ৰছুল,  মােমিন,  ৰহম,  কুটুব,  বান্দা ।

উত্তৰ: ৰছুল — দেৱদূত , ঈশ্বৰ প্ৰেৰিত পুৰুষ , আল্লাৰ দূত ।

          মােমিন ― বিশ্বাসী মুছলমান ।

          ৰহম ― দয়া ।

         কুটুব ― ধ্রু , নক্ষত্র ।

         বান্দা ― ভৃত্য ।


৩। ’মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি ।

     যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি ৷৷’

      ― উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা ।


উত্তৰ: উক্ত গীত ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত আজান ফকিৰদৱে  বিৰচিত "জিকিৰ " নামৰ ‘জিকিৰ’ নামৰ কবিতাটোৰপৰা দাঙি ধৰা হৈছে ।


উক্ত কাব্যাংশৰ অন্তর্নিহিত ভাব হ’ল মনত বেয়া ভাব লৈ হেজাৰ বাৰ মক্কা দর্শন কৰিলেও আল্লাৰ আশীর্বাদ লাভ কৰিব নােৱাৰি । মানুহৰ অন্তৰত দয়া, প্রেম নাথাকিলে বা আমি যদি সকলাে জীৱকে সমদৃষ্টিৰে চাব নাজানাে আমি কেতিয়াও আল্লাৰ প্রিয়পাত্র হ’ব নােৱাৰোঁ ।


মক্কা হল এক পবিত্ৰ তীৰ্থস্থান।  ইয়াত আল্লা অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাৰ কোনো সন্ধান নাপায়। কিয়নো জীৱকালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই তেওঁক আল্লাক কাহানিবাই পৰিত্যাগ কৰিছে। মানুহৰ ভূল ধাৰণৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাৰ নাম ললেই কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লা লুকাই থাকে। তাক মাত্ৰ স্মৰণ কৰিলেই হল।



Class 10 MIL Assamese HSLC SEBA Solutions


৪। ব্যাখ্যা কৰাঃ


(ক) পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত ।

       খােদা ৰছুল লুকাই আছে , মােমিনৰ আঁৰত ৷। (HSLC 16) 

উত্তৰ: উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত আজান ফকিৰদৱে  বিৰচিত "জিকিৰ " নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।


সংগতি: এই পদফাঁকিৰ জৰিয়তে আল্লা অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই কবলৈ বিচাৰিছে। সংসাৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাক বিচাৰি হাবাথুৰি খাই মৰে অথচ মানৱৰ হৃদয়তে যে আল্লা বিৰাজমান তাকে বুজাইছে ।


পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে , অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে । সেইদৰে জুইৰ যে উত্তাপ শক্তি আছে সেই কথা জুয়ে নাজানে । ঠিক একেদৰে আপােন হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায় । অর্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যােৱাৰ প্ৰয়ােজন নাই ।


(খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট ।

       বেহাব নােৱাৰে তাত মায়াই ভেটে বাট ৷। (HSLC 17) 

উত্তৰ: উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত আজান ফকিৰদৱে  বিৰচিত "জিকিৰ " নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।


সংগতি: এই পদফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আৱদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে।


কাব্যাংশত উল্লিখিত ‘ তিৰবেণী ঘাট ‘ কথাষাৰে মক্কা যে এখন পৱিত্র তীর্থভূমি । তাকেই বুজাইছে । কিন্তু যাৰ অন্তৰত ধর্মভাব থাকে বা যিজনে আল্লাৰ দর্শন । পাব বিচাৰে তেওঁহে মক্কালৈ যাব বিচাৰে ।


আল্লা বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়া – মােহ ত্যাগ কৰিব পাৰিব লাগিব । কিন্তু সংসাৰৰ মায়া – মমাহে আমাক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহে পাৰ্থিৱ সুখ – ভােগতহে বেছিকৈ গুৰুত্ব দিয়ে । মানৱ জীৱন যে ক্ষণস্থায়ী । বা সংসাৰ যে দুদিনীয়া সেই কথা মানুহে কেৱল মায়াৰ বান্ধোনত বান্ধ খাই থাকে বাবেই উপলব্ধি নকৰে । কিন্তু প্রকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি ।



HSLC SEBA Assamese Class 10 Questions Answers


(গ) সঁজাৰ মইনাটিৰ অনেক যুগুতি ।

      দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি ।। 

উত্তৰ: উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত আজান ফকিৰদৱে  বিৰচিত "জিকিৰ " নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।


সংগতি: উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানব দেহত আৱদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে।


সংসাৰ মায়াৰে আৱৰা । সংসাৰৰ মায়াই আমাক এনেদৰে আৱৰি ৰাখে যে আল্লাৰ চিন্তাতকৈ পাৰ্থিৱ সুখ – ভােগতহে জীৱ ব্যস্ত হৈ পৰে । মানৱ জীৱনৰ ক্ষণস্থায়ীতাৰ কথা সেয়ে জীৱই পাহৰি যায় । কিন্ত মৃত্যুৰ লগে লগে পাৰ্থিৱ সুখৰ নমুনা স্বৰূপ সকলাে বস্তুৱেই হৈ পৰে মূল্যহীন ।


মৃত্যুৰ লগে লগে আত্মাই । শৰীৰ ত্যাগ কৰি সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ আল্লাৰ ওচৰলৈ গুচি যায় । আত্মা দেহত থকালৈকেহে আমি জীৱন্ত । আত্মাহীন শৰীৰ মূল্যহীন । সেয়ে ক্ষন্তেকীয়া মানৱ জীৱনত অহংকাৰ ত্যাগ কৰি আল্লাৰ নাম স্মৰণ কৰি আত্মাৰ মুক্তি কামনা কৰাই জীৱৰ প্রধান কর্তব্য ।



ভাষা বিষয়কঃ


সমার্থক শব্দ লিখাঃ


চিন্তো, ঘাট , পীৰিত , আচমান , দৰিয়াস পিয়াহ , বাট , ভেল 


উত্তৰ: চিন্তো ― ভাৱাে ।

          ঘাট ― নদীৰ পাৰ, বন্দৰ । 

          পীৰিত ― প্রীতি, ভালপোৱা, প্ৰেম । 

          আচমান ― আকাশ, গগণ ।

          দৰিয়া ― সাগৰ, নদী

          পিয়াহ ― তৃষ্ণা ।

          বাট ― ৰাস্তা, পথ, আলি।

          ভেল ― দেহ, শৰীৰ ।



Class 10 Assamese HSLC Question Bank SEBA


১। আজান ফকিৰৰ প্ৰকৃত নাম কি আছিল ?

উত্তৰ: আজান ফকিৰৰ প্ৰকৃত নাম হজৰত চাহ মিলন।


২। জিকিৰ গীত কোন ধৰ্মৱলম্বী মাজত প্ৰচলিত ? 

উত্তৰ: জিকিৰ গীত ইচলাম ধৰ্মৱলম্বী মাজত প্ৰচলিত । 


৩। জিকিৰ শব্দৰ অৰ্থ কি ? 

উত্তৰ: জিকিৰ শব্দৰ অৰ্থ হল ঘনে ঘনে উচ্চাৰণ কৰা।


৪। আজান ফকিৰক কোন শতিকাৰ কবি অনুমান কৰা হৈছে ?

উত্তৰ: আজান ফকিৰক খ্ৰীষ্টীয় সপ্তম শতিকাৰ কবি বুলি অনুমান কৰা হৈছে ।


৫। আজান ফকিৰৰ মৃত্যু ক'ত হৈছিল ?

উওৰ: আজান ফকিৰৰ মৃত্যু দিখৌমুখৰ শৰাগুৰি চাপৰিত হৈছিল ।


৬। জিকিৰ গীতৰ লগত অসমীয়া কোনবোৰ গীতৰ লগত তুলনা কৰিব পাৰি ?

উত্তৰ: জিকিৰ গীতৰ লগত অসমীয়া ভক্তিমূলক প্রার্থনা বা স্তুতিগীতক তুলনা কৰিব পাৰি । 


৭। 'মোমিন' ৰ অৰ্থ কি ? (HSLC 16) 

উত্তৰ: মোমিন' ৰ অৰ্থ বিশ্বাসী মুছলমান ।


৮। জিকিৰত উল্লেখ থকা 'আদম' কোন ?

উত্তৰ: জিকিৰত উল্লেখ থকা আদম হল আল্লাই সৃষ্টি কৰা প্ৰথম মানব ।


৯। মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে ?

উত্তৰ: মক্কাৰ দুৱাৰক ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰা হৈছে।


১০। জিকিৰৰ ৰচক আজান ফকিৰ কোন দেশৰ পৰা অসমলৈ আহিছিল ?

উত্তৰ: জিকিৰৰ ৰচক আজান ফকিৰ আৰব দেশৰ পৰা অসমলৈ আহিছিল ।


১১ ।  'সঁজাৰ মইনাটিৰ অনেক যুগুতি' - সঁজাৰ মইনা বুলি কিহক বুজোৱা হৈছে ?

উত্তৰ: সঁজাৰ মইনা বুলি মানুহৰ আত্মাক বুজোৱা হৈছে ।





1 comment: