21.5.21

Borgeet class 10 Questions Answers HSLC Assamese SEBA

Borgeet class 10 Questions Answers HSLC Assamese SEBA

Borgeet class 10 Questions Answers HSLC Assamese SEBA


Borgeet class 10 Questions Answers HSLC Assamese SEBA: Borgeet is the first poem from class 10 HSLC Assamese (MIL) SEBA text-book. Here you will get Borgeet class 10 Questions Answers HSLC Assamese SEBA. 




Class 10 Assamese Borgeet Text-book Questions Answers

বৰগীত কবিতাটোৰ পৰীক্ষাৰ বাবে দৰকাৰী প্ৰশ্নোত্তৰ বোৰ বাবে ইয়াত ক্লিক কৰা

বৰগীত


-শ্ৰী শ্ৰী মাধৱদেৱ


ভাৱ বিষয়কঃ


১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়াঃ


(ক) "............নেৰিবা বান্ধৱ মােক জীৱনে মৰণে । ” 

       — কবিয়ে জীৱনে মৰনে নোৱাৰিবৰ বাবে কাক অনুৰােধ কৰিছে ? (HSLC 17) 

উত্তৰ: কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰােধ কৰিছে ।


(খ) 'সনক , সনন্দ যােগী যাহাকু ধিয়ায় ।' 

         —সনক , সনন্দ আদি যােগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?

উত্তৰ: সনক , সনন্দ আদি যােগীসকলে নাৰায়ণক ধ্যান কৰে বুলি কৈছে ।



(গ) কবি কিহত আতুৰ হােৱা বুলি কৈছে ?

উত্তৰ: কবি বিষয় বন্ধনত আতুৰ হােৱা বুলি কৈছে ।



(ঘ) বৰগীতটি কোনে ৰচনা কৰা ?

উত্তৰ: বৰগীতটি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে ৰচনা কৰা ।



(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে ? (HSLC 17) 

উত্তৰ: বৰগীতটি বসন্তৰাগত বন্ধা আছে ।



(চ) কবিয়ে 'বান্ধব’বুলি কাক সম্বােধন কৰিছে ? (HSLC 16) 

উত্তৰ: কবিয়ে 'বান্ধব' বুলি নাৰায়ণক (ভগৱানক) সম্বােধন কৰিছে ।



(ছ) 'মােহ – পাশ’মানে কি ?

উত্তৰ: 'মােহ – পাশ ’ মানে মায়াৰ জৰী অর্থাৎ মায়াৰ বান্ধোন ।



Class 10 MIL Assamese HSLC SEBA Solutions


২। বৰগীতটিৰ মূলভাব লিখা ।

উত্তৰ: মাধৱদেৱ বিৰচিত হৰি হেৰােৰে বাপ পশিলো শৰণে শীর্ষক প্রার্থনামূলক বৰগীতটো দাস্য ভক্তিৰ উৎকৃষ্ট নিদর্শন । বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশ স্বৰূপ শ্রীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পােৱাৰ কথা এই বৰগীতটোত প্রকাশ পাইছে ।


ভগৱানৰ ওচৰত শৰণ লােৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে । যােগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে , সমস্ত বেদে যাক বিচাৰি । নাপায়, সহস্র মুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নােৱাৰে , সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধমে জানিবলৈ অপৰাগ ।


বিষয় - বাসনাত মত্ত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছে । ভকতৰ ত্রাণকর্তা ভগৱান । সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁক সংসাৰৰ মায়া মোহৰৰ পৰা পৰিত্ৰাণ কৰিবলৈ প্রার্থনা কৰিছে ।


ভগৱানৰ দাসৰূপে নিজকে প্রতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁক সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটিছে । নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি হ’বলৈ এইদৰে প্রার্থনা কৰাৰ মাজেৰে কবিৰ ভক্তিধৰ্মৰ প্রতি পৰাকাষ্ঠা প্রকাশ পাইছে ।



৩৷ বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া ।

উত্তৰ: বৰগীতটোৰ ৰচক হ’ল মহাপুৰুষ শ্রীশ্রীমাধৱদেৱ । কবি মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ খ্রীষ্টাব্দত । তেখেতেৰ পিতৃ আছিল গােবিন্দগিৰী ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা।


বর্তমান বাংলাদেশৰ বাকাতৰাজেন্দ্র অধ্যাপকৰ টোলত গুৰুজনাই । শিক্ষা গ্রহণ কৰিছিল । ১৫২২ চনত তেখেতে শ্ৰীমন্ত শংকৰদেৱক লগ পায় আৰু শংকৰদেৱে প্ৰৱৰ্তন কৰানৱ – বৈষ্ণৱ ধর্ম গ্রহণ কৰি ধর্মচর্চাত মনােনিবেশ কৰে । এইগৰাকী মহান সাহিত্যিকৰ ১০৭ বছৰ বয়সত ১৫৯৬ খ্রীষ্টাব্দত কোচবিহাৰৰ ভেলা মধুপুৰত দেহাৱসান ঘটে ।


কবিমাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজি তলত দিয়া ভাগত ভাগ কৰি দেখুৱাব পাৰি –


(ক) নামঘােষাহ’ল কবি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ । 

(খ ) আখ্যানমূলক ৰচনা: আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূয় কাব্য ।

(গ) তত্ত্বমূলক গ্রন্থ নামঘােষা: জন্ম ৰহস্য , ভক্তি ৰত্নাৱলী আৰু নামমালিকা ।

(ঘ) নাটক: দধিমথন আৰু অর্জুন-ভঞ্জন ।

(ঙ) ঝুমুৰা: চোৰধৰা, পিম্পৰা গুচোৱা, ভােজন বেহাৰ আৰু ভূমি লেটোৱা ।


HSLC SEBA Assamese Class 10 Questions Answers

৪। ব্যাখ্যা কৰাঃ


( ক ) “ সহস্র বয়নে যাৰ নপাৱস্ত সীমা ।

         অধমে জানিবাে কেনে তােমাৰ মহিমা । ” (HSLC 18) 

উত্তৰ: উক্ত বৰগীত ফাকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' ৰ  অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত "বৰগীত" নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে । 

      

সীমাহীন জ্ঞান দিব  পৰা শাস্ত্ৰয়েও য'ত আপোনাৰ মহিমাৰ  সীমা উপলদ্ধি  কৰিব পৰা নাই । সনক সনন্দৰ দৰে ডাঙৰ ডাঙৰ যোগী সকলে যোগ যোগ ধৰি ধ্যান কৰি আপোনাৰ মহিমা উপলদ্ধি কৰিব পৰা নাই । মইনো এজন সাধাৰণ মানুহে আপোনাৰ মহিমা কেনেকৈ উপলদ্ধি কৰিম । 


( খ ) “ আতুৰ ভৈলােহাে হৰি বিষয় বিকলে ।

           কৰিয়াে উদ্ধাৰ মােক চৰণকমলে । ”

উত্তৰ: উক্ত বৰগীত ফাকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' ৰ অন্তৰ্গত  শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত "বৰগীত" নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে । 

           

আতুৰ হলো মই প্ৰভু এই সংসাৰৰ মায়া মোহত । আপুনিটো দয়াৰ সাগৰ প্ৰভো আপোনাৰ দয়া,মহিমাৰ কোনো সীমা নাই । অজস্ৰ জ্ঞান দিব পৰা শাস্ত্ৰয়েও আপোনাৰ মহিমাৰ কোনো উপলদ্ধি কৰিব পৰা নাই । সনক সনন্দৰ দৰে যোগী সকলে যোগ যোগ ধৰি ধ্যান কৰিও আপোনাৰ উপলদ্ধি কৰিব পৰা নাই । মই প্ৰভু আপোনাক প্ৰাৰ্থনা কৰিছো আপুনি মোক উদ্ধাৰ কৰি আপোনাৰ পদুম ফুলৰ দৰে কোমল ভৰি যোৰ চুবলৈ দিয়ক ।


( গ ) “ তােমাৰ চৰণ দুই মােৰ মহা ধন ।

          ভকত জনেৰ নিজ তুমিয়ে জীৱন । ”

উত্তৰ: উক্ত বৰগীত ফাকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত "বৰগীত" নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে ।

          

হে হৰি তোমাৰ পদুম হেন ভৰি যোগলত মোক হৰণ ল'বলৈ দিয়া । তোমাৰ ভৰি যোগলত হৰণ ল'বলৈ দিয়াতোৱে হ'ব মোৰ বাবে মহাধন । তুমি হলা দয়াৰ সাগৰ তোমাৰ দয়াৰ কোনো সীমা নাই । তোমিয়েই হলা ভকত সকলৰ প্ৰাণ তোমাৰ বাহিৰে আৰু ভকত সকলৰ কোনো নাই । 


৫। '' সনক  সনন্দ  যোগী   যাহাকু   ধিয়ায়   ৷

       সকল  নিগমে  যাক  বিচাৰি  নপায়  ৷৷  ''

       —তাৎপৰ্য   বিচাৰ  কৰা ৷,

উত্তৰ: উক্ত বৰগীত ফাকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা ''  অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত "বৰগীত" টিৰ পৰা তুলি দিয়া হৈছে ।

           

এই বৰগীতটিৰ যোগেদি কবিৰ ভগৱানৰ প্ৰতি গভীৰ মনোভাৱ প্ৰকাশ পাইছে । এই বৰগীতটিৰ যোগেদি কবিয়ে নিজকেই এজন সাধাৰণ মানুহৰ লগত তুলনা কৰিছে । ভগৱানৰ অপাৰ মহিমা প্রকাশ কৰাৰ প্রসংগত, ভগৱানৰ বিষয়ে এনেদৰে কৈছে ।

            

তোমাৰ প্ৰভু মহিমাৰ কোনো সীমা নাই । মহিমাৰ দৰেই তোমাৰ দয়াৰো সীমা নাই । তোমাৰ মহিমা আৰু দয়া সনক সনন্দৰ দৰে ডাঙৰ ডাঙৰ যোগী সকলে যোগ যোগ ধৰি ধ্যান কৰিও তোমাৰ মহিমাৰ কোনো সীমা উলিয়াব পৰা নাই । অজস্ৰ জ্ঞান দিব পৰা শাস্ত্ৰয়েও তোমাৰ মহিমাৰ কোনো উপলদ্ধি কৰিব পৰা নাই । মই এজন সাধাৰণ মানুহ হৈ কেনেকৈনো আপোনাৰ মহিমা উপলদ্ধি কৰিম ।



৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা ।

উত্তৰ: মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে বিৰচিত বৰগীতৰ কেতবােৰ সুকীয়া সুকীয় লক্ষণ আছে , যাৰবাবে এই গীত আন গীতৰ পৰা পৃথক । বৰগীতৰ তেনে চাৰিটা লক্ষণ হল—


(ক) বৰগীতবােৰ ৰাগ – তালযুক্ত শাস্ত্রীয় গীত ।

(খ) বৰগীত কৃত্রিম ব্ৰজাৱলী ভাষাত ৰচিত ।

(গ) মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ গীতকহে বৰগীত আখ্যা দিয়া হয় ।

(ঘ) নামধৰ্ম  প্ৰচাৰৰ  উদ্দেশ্যে  বৰগীতসমূহ  ৰচিত  ৷ 



ভাষা বিষয়কঃ


১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

     নপাৱন্ত, কেনে ভৈলােহাে, তুমিসে, জনেৰ, কহয় ।

উত্তৰ: নপাৱন্ত – নোৱাৰে ।

           কেনে – কেনেকৈ ।

           ভৈলােহাে – হ’লো ।

           তুমিসে – তুমিহে ।

           জনেৰ – জনৰ ।

           কহয় – কয় ।


২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰ: অসমীয়া সাহিত্যত বৈষ্ণৱ গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত আৰু অংকমালাৰ ব্যৱহৃত ভাষাটো ব্রজবুলি বা অসমীয়া ভাষাত ব্ৰজাৱলী নামে জনাজাত । বজ্ৰাৱলী ভাষাৰ  বৈশিষ্ট্যসমূহ  তলত উল্লেখ কৰা হ'ল -


(ক) ব্রজবুলি ভাষা বা ব্ৰজাৱলী ভাষাত সংস্কৃত শব্দৰ প্রয়ােগ বহুলভাৱে দেখা যায় ।

(খ) এই ভাষাত আৰবী, ফাৰ্চী আদি বিদেশী ভাষাৰ শব্দও দেখা যায় ।

(গ) বজ্ৰাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী  ৷

(ঘ) ব্ৰজাৱলী ভাষাত দ্বিস্বৰ আৰু ত্রিস্বৰৰ প্ৰয়ােগ প্রচুৰ ।

(ঙ) ই এক কৃত্ৰিম সাহিত্যিক ভাষা  ৷



Class 10 Assamese HSLC Question Bank SEBA


১। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি ? (HSLC 18) 

উত্তৰ: মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হ'ল নামঘােষা । 


২। মাধৱদেৱৰ জন্মস্হান কি ? 

উত্তৰ: মাধৱদেৱৰ জন্মস্হান লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী । 


৩। মাধৱদেৱৰ ক'ত মৃত্যু হৈছিল ? 

উত্তৰ: ১৫৯৬ খ্রীষ্টাব্দত কোচবিহাৰৰ ভেলা মধুপুৰত মাধৱদেৱৰ ক'ত মৃত্যু হৈছিল । 


৪। মাধৱদেৱৰ পিতৃ - মাতৃৰ নাম কি আছিল ? 

উত্তৰ: মাধৱদেৱৰ পিতৃ - মাতৃৰ নাম ক্ৰমে গােবিন্দগিৰী ভূঞা আৰু মনোৰমা।


৫। মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয়তম শিষ্য আছিল ? 

উত্তৰ: মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ প্ৰিয়তম শিষ্য আছিল । 


৬। 'অর্জুন-ভঞ্জন' নাটকখন কোনে ৰচনা কৰিচিল ? 

উত্তৰ: 'অর্জুন-ভঞ্জন' নাটকখন মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰিচিল । 


৭। মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা । 

উত্তৰ: মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম হ'ল দধিমথন আৰু অর্জুন-ভঞ্জন ।


৮। মাধৱদেৱে ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল ? 

উত্তৰ: মাধৱদেৱে বাবাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল । 


৯। মাধৱদেৱ বিৰচিত বৰগীতৰ সংখ্যা কিমানটা ?

উত্তৰ : মাধৱদেৱ বিৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা ।


১০ । " সহস্র বয়নে যাৰ নপাৱস্ত সীমা" - হাজাৰ বৰ্ণনাৰে কাৰ বৰ্ণনা কৰি পাৰ পাব নোৱাৰি বুলি কোৱা হৈছে ?

উত্তৰ: সহস্র বয়নে যাৰ নপাৱস্ত সীমা" - হাজাৰ বৰ্ণনাৰে প্ৰভু শ্ৰী কৃষ্ণৰ বৰ্ণনা কৰি পাৰ পাব নোৱাৰি বুলি কোৱা হৈছে ।


১১ । তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিত কবিৰ কি ভাৱ প্ৰকাশ পাইছে ? 

উত্তৰ: পাঠ্যপুথিত থকা বৰগীতটিত কবিৰ শাস্ত্ৰীয় ৰাগজুক্ত আৰু আধ্যাত্মিক ভাৱ প্ৰকাশ পাইছে ।











 


No comments:

Post a Comment