Advanced Assamese class 12 Ombekhon (অণ্বেষণ) Questions Answers
HS Second Year Advanced Assamese Questions Answers
‘অণ্বেষণ’ - সীতানাথ ব্রহ্মচৌধুৰী
১ বা ২ বা ৩ নম্বৰৰ কিছুমান লাগতিয়াল চমু প্রশ্নোত্তৰ
১. ‘অণ্বেষণ’ কবিতাটোৰ কবিগৰাকীৰ নাম কি ?
উত্তৰ: ‘অণ্বেষণ’ কবিতাটোৰ কবিগৰাকীৰ নাম হ’ল- সীতানাথ ব্রহ্মচৌধুৰী ।
২. সীতানাথ ব্রহ্মচৌধুৰীৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল ?
উত্তৰ: সীতানাথ ব্রহ্মচৌধুৰীৰ জন্ম ১৯০৮ চনৰ ৮ ছেপ্তেম্বৰত গোৱালপাৰা জিলাৰ ভালুকমাৰীত হৈছিল ।
৩. সীতানাথ ব্রহ্মচৌধুৰীয়ে কলেজীয়া শিক্ষা ক’ত গ্রহণ কৰিছিল ?
উত্তৰ: সীতানাথ ব্রহ্মচৌধুৰীয়ে কলেজীয়া শিক্ষা গুৱাহাটীৰ কটন কলেজত গ্রহণ কৰিছিল ।
৪. সীতানাথ ব্রহ্মচৌধুৰী কিমান চনত লোকসভালৈ নির্বাচিত হৈছিল ?
উত্তৰ: সীতানাথ ব্রহ্মচৌধুৰী ১৯৫২ চনত সাংসদ হিচাপে লোকসভালৈ নির্বাচিত হৈছিল ।
৫. সীতানাথ ব্রহ্মচৌধুৰী কেইবাৰ আৰু কিমান চনত ‘অসম সাহিত্য সভা’ৰ সভাপতি হৈছিল ?
উত্তৰ: সীতানাথ ব্রহ্মচৌধুৰী দুবাৰ, ১৯৮১ আৰু ১৯৮২ চনত ‘অসম সাহিত্য সভা’ৰ সভাপতি হৈছিল ।
৬. সীতানাথ ব্রহ্মচৌধুৰীয়ে ৰচনা কৰা তিনিখন কবিতাপুথিৰ নাম লিখা ।
উত্তৰ: সীতানাথ ব্রহ্মচৌধুৰীয়ে ৰচনা কৰা তিনিখন কবিতাপুথিৰ নাম হ’ল- চকলো, আৱেগ আৰু কমলকলি ।
৭. সীতানাথ ব্রহ্মচৌধুৰীৰ কেতিয়া মৃত্যু হৈছিল ?
উত্তৰ: সীতানাথ ব্রহ্মচৌধুৰীৰ ১৯৮২ চনৰ ২৩ নৱেম্বৰত মৃত্যু হৈছিল ।
No comments:
Post a Comment