5.3.21

Advanced Assamese class 12 Kangchanjunghar Buranji (কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী) Questions Answers

Advanced Assamese class 12 Kangchanjunghar Buranji (কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী) Questions Answers

Advanced Assamese class 12 Kangchanjunghar Buranji (কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী) Questions Answers


HS Second Year Advanced Assamese Questions Answers

কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী - জ্যোতিপ্রসাদ আগৰৱালা

১ বা ২ বা ৩ নম্বৰৰ কিছুমান লাগতিয়াল চমু প্রশ্নোত্তৰ


১. জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ কোন চনত জন্ম হৈছিল ?

উত্তৰ: জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ ১৯০৩ চনত জন্ম হৈছিল ।


২. জ্যোতিপ্রসাদৰ জন্ম কিমান চনত হৈছিল ? (HS 2018) 

উত্তৰ: জ্যোতিপ্রসাদৰ জন্ম ১৯৩০ চনত হৈছিল ।


৩. জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ কবিতাসমূহ একত্রিত কৰি প্রকাশ কৰা কাব্য-সংকল খনিৰ নাম কি ?

উত্তৰ: জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ কবিতাসমূহ একত্রিত কৰি প্রকাশ কৰা কাব্য-সংকল খনিৰ নাম হ’ল- লুইতৰ পাৰৰ অগ্নিসুৰ


৪. ‘বুৰঞ্জী’ কি ভাষাৰ শব্দ ?

               অথবা

বুৰঞ্জী শব্দটো কোন ভাষাৰ? (HS 2015) 

উত্তৰ: ‘বুৰঞ্জী’ টাই ভাষাৰ শব্দ ।


৫. নাট্যকাৰ হিচাপে জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ কোনখন নাটকৰ জৰিয়তে আত্মপ্রকাশ কৰে ?

উত্তৰ: নাট্যকাৰ হিচাপে জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ ‘শণিত কুঁৱৰী’ নাটকৰ জৰিয়তে আত্মপ্রকাশ কৰে ।


৬. প্রথম অসমীয়া কথাছবিখনৰ নাম কি? এইখন কোনে নির্মাণ কৰিছিল ? (HS 2016) 

উত্তৰ: প্রথম অসমীয়া কথাছবিখনৰ নাম জয়মতী । এইখন ৰুপকোৱৰ জ্যোতিপ্রসাদ আগৰৱালাই নির্মাণ কৰিছিল ।


৭. ‘বুৰঞ্জী’ শব্দৰ অর্থ কি ? (HS 2016) 

উত্তৰ: ‘বুৰঞ্জী’ শব্দৰ অর্থ হ’ল- নজনা কথা জনাৰ ভঁৰাল ।


৮. প্রথম অসমীয়া বোলছবি ‘জয়মতী’ কোন চনত নির্মাণ কৰা হৈছিল ?

উত্তৰ: প্রথম অসমীয়া বোলছবি ‘জয়মতী’ ১৯৩৫ চনত নির্মাণ কৰা হৈছিল ।


৯. জ্যোতিপ্রসাদ আগৰৱালাৰ জন্ম হোৱা ঠাইখনৰ নাম কি ? (HS 2017) 

উত্তৰ: জ্যোতিপ্রসাদ আগৰৱালাৰ জন্ম হোৱা ঠাইখনৰ নাম হ’ল- ডিব্রুগড় জিলাৰ তামোলবাৰী বাগিচা ।


১০. জ্যোতিপ্রসাদে নির্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম কি ?

উত্তৰ: জ্যোতিপ্রসাদে নির্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম হ’ল- ‘ইন্দ্রমালতী’ ।


১১. অসমীয়া সাহিত্য সংস্কৃতিৰ জগতত জ্যোতিপ্রসাদক কি নামেৰে জনাজাত ?

উত্তৰ: অসমীয়া সাহিত্য সংস্কৃতিৰ জগতত জ্যোতিপ্রসাদক রূপকোঁৱৰ নামেৰে জনাজাত ।

No comments:

Post a Comment