4.3.21

Advanced Assamese class 12 E Je Agnibinar Taan (ই যে অগ্নিবীণাৰ তান) Questions Answers

Advanced Assamese class 12 E Je Agnibinar Taan (ই যে অগ্নিবীণাৰ তান) Questions Answers

Advanced Assamese class 12 E Je Agnibinar Taan (ই যে অগ্নিবীণাৰ তান) Questions Answers


HS Second Year Advanced Assamese Questions Answers

 ই যে অগ্নিবীণাৰ তান - অম্বিকাগিৰী ৰায়চৌধুৰী


১ বা ২ বা ৩ নম্বৰৰ কিছুমান লাগতিয়াল চমু প্রশ্নোত্তৰ


১. ‘ই যে অগ্নিবীণাৰ তান’ কবিতাটোৰ কবিজনাৰ নাম কি?

উত্তৰ: ‘ই যে অগ্নিবীণাৰ তান’ কবিতাটোৰ কবিজনাৰ নাম হ’ল- অম্বিকাগিৰী ৰায়চৌধুৰী ।


২. জাতীয় মহাসভাৰ পূর্বৰ নাম কি আছিল ?

উত্তৰ: জাতীয় মহাসভাৰ পূর্বৰ নাম আছিল- অসম সংৰক্ষণী সভা


৩. সাহিত্য অকাডেমী বঁটা লাভ কৰা অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা পুথিখনৰ নাম লিখা । (HS 2014) 


অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰ: অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ‘বেদনাৰ উল্কা’ কবিতাপুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ।


৪. অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীতৰ পুথিখনৰ নাম কি ?

উত্তৰ: অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীতৰ পুথিখনৰ নাম হ’ল- চেতনাৰ কন্ঠ ।


৫. অসমৰ সাহিত্য জগতত অম্বিকাগিৰী ৰায়চৌধুৰীক কি বিশেষণেৰে জনা যায় ? (HS 2015) 

উত্তৰ: অসমৰ সাহিত্য জগতত অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’ বিশেষণেৰে জনা যায় । 


৬. অম্বিকাগিৰী ৰায়চৌধুৰী আত্মজীৱনীখনৰ নাম কি ?

উত্তৰ: অম্বিকাগিৰী ৰায়চৌধুৰী আত্মজীৱনীখনৰ নাম হ’ল- মোৰ জীৱনৰ ধুমুহাৰ এছাটি ।


৭. কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম হৈছিল ?

উত্তৰ: ১৮৮৫ চনত অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম হৈছিল ।


৮. কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীৰ মৃত্যু হৈছিল ?

উত্তৰ: ১৯৬৭ চনত অম্বিকাগিৰী ৰায়চৌধুৰীৰ মৃত্যু হৈছিল ।


৯. ‘অসম কেশৰী’ হিচাপে কাক জনা যায় ?

উত্তৰ:অসম কেশৰী’ হিচাপে অম্বিকাগিৰী ৰায়চৌধুৰীক জনা যায় ।


১০. অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা আৰু গীতত দুটা সুৰ প্রকাশ হোৱা দেখা যায় ।  সেই সুৰ দুটা কি কি ?

উত্তৰ: অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা আৰু গীতত দুটা সুৰ প্রকাশ হোৱা দেখা যায় ।  সেই সুৰ দুটা হ’ল- স্বদেশপ্রেম আৰু ৰহস্যবাদী


১১. অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্রকাশিত দুখন কবিতা পুথিৰ নাম লিখা ।

উত্তৰ: অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্রকাশিত দুখন কবিতা পুথিৰ নাম হ’ল- অনুভূতি আৰু বেদনাৰ উল্কা


No comments:

Post a Comment