3.3.21

Advanced Assamese Class 12 Chapter 2 Manab Bondana ( মানৱ বন্দনা) Questions Answers

Advanced Assamese Class 12 Chapter 2 Manab Bondana ( মানৱ বন্দনা) Questions Answers

Advanced Assamese Class 12 Chapter 2 Manab Bondana ( মানৱ বন্দনা) Questions Answers


Class 12 Advanced Assamese Questions Answers / AHSEC

মানৱ বন্দনা -  চন্দ্রকুমাৰ আগৰৱালা

১ বা ২ বা ৩ নম্বৰৰ প্রশ্নোত্তৰ


১. প্রতিমাৰ খনিকৰ বুলি কোনজন কবিক জনা যায় ?

উত্তৰ: প্রতিমাৰ খনিকৰ বুলি চন্দ্রকুমাৰ আগৰৱালাদেৱক জনা যায় ।


২. চন্দ্রকুমাৰ আগৰৱালাদেৱৰ তিনিখন কাব্য সংকলনৰ নাম লিখা ।

উত্তৰ: চন্দ্রকুমাৰ আগৰৱালাদেৱৰ তিনিখন কাব্য সংকলন হ’ল- প্রতিমা, বীণবৰাগী আৰু চন্দ্রামৃত ।


৩. প্রথম অসমীয়া ৰোমান্টিক কবিতাটো কি ? এই কবিতাটোৰ কবিজনাৰ নাম কি ? (HS 2014, 17) 

উত্তৰ: প্রথম অসমীয়া ৰোমান্টিক কবিতাটো হ’ল- ‘বনকুঁৱৰী’ । এই কবিতাটোৰ কবিজনাৰ নাম হ’ল-চন্দ্রকুমাৰ আগৰৱালাদেৱ ।


৪. জোনাকী যুগৰ ত্রিমূৰ্তিৰ অন্যতম বুলি কাক কোৱা হয় ?

উত্তৰ: চন্দ্রকুমাৰ আগৰৱালাদেৱক জোনাকী যুগৰ ত্রিমূৰ্তিৰ অন্যতম বুলি কোৱা হয় ।  


৫. চন্দ্রকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত প্রথম কবিতা পুথিখনৰ নাম কি ? (HS 2015,16) 

উত্তৰ: চন্দ্রকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত প্রথম কবিতা পুথিখনৰ নাম- প্রতিমা ।


6. অসমীয়া সাহিত্যৰ বুৰঞ্জীত ৰোমান্টিক ভাৱধাৰাৰ মুকলি কোনজনা কবিয়ে কৰিছিল  ?

উত্তৰ: অসমীয়া সাহিত্যৰ বুৰঞ্জীত ৰোমান্টিক ভাৱধাৰাৰ মুকলি চন্দ্রকুমাৰ আগৰৱালাদেৱে কৰিছিল ।

 

No comments:

Post a Comment