2.3.21

Advanced Assamese Class 12 Chapter 1 Borkha Barnan ( বর্ষা বৰ্ণন) Questions Answers

Advanced Assamese Class 12 Chapter 1 Borkha Barnan ( বর্ষা বৰ্ণন) Questions Answers

Advanced Assamese Class 12 Chapter 1 Borkha Barnan ( বর্ষা বৰ্ণন) Questions Answers


Class 12 Advanced Assamese Questions Answers

বর্ষা বৰ্ণন - শ্রী শংকৰদেৱ


১ বা ২ বা ৩ নম্বৰৰ প্রশ্নোত্তৰ


১. বর্ষা বৰ্ণন কবিতাটোৰ ৰচক কোন ?

উত্তৰ: বর্ষা বৰ্ণন কবিতাটোৰ ৰচক হ’ল- শ্রী মন্ত শংকৰদেৱ ।


২. বর্ষা বৰ্ণন কবিতাটি ক’ৰ পৰা লোৱা হৈছে ?

উত্তৰ: বর্ষা বৰ্ণন কবিতাটি শ্রী মন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ভাগৱতৰ দশম স্কন্ধৰ পৰা লোৱা হৈছে ।


৩. শ্রী মন্ত শংকৰদেৱৰ নাম প্রসংগমূলক গ্রন্থ এখনৰ নাম লিখা । (HS 2014) 

উত্তৰ: কীৰ্তন ঘোষা ।


৪. শ্রী মন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত দুখন শ্রেষ্ঠ আৰু দুখন কাব্যগ্রন্থৰ নাম লিখা ।

উত্তৰ:  শ্রী মন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত দুখন শ্রেষ্ঠ গন্থৰ নাম হ’ল- দশম আরু কীৰ্তন আৰু কাব্যগ্রন্থৰ নাম হ’ল- হৰিচন্দ্র উপাখ্যান আৰু ৰূক্মিণী হৰণ কাব্য ।


৫. শ্রী মন্ত শংকৰদেৱৰ এখন কাব্যৰ নাম লিখা । (HS 2016) 

উত্তৰ: শ্রী মন্ত শংকৰদেৱৰ এখন কাব্য হ’ল- হৰিচন্দ্র উপাখ্যান ।


৬. শংকৰদেৱে প্রচাৰ কৰা ধৰ্মটোৰ নাম কি ?

উত্তৰ: শংকৰদেৱে প্রচাৰ কৰা ধৰ্মটোৰ নাম হ’ল- একশৰণ নামধৰ্ম ।


৭. ইন্দ্রধনু কি ?

উত্তৰ: ইন্দ্রধনু মানে হ’ল- ৰামধেনু । অর্থাৎ ৰামধেনুক ইন্দ্রধনু বুলি কোৱা হয় ।


৮. “পৰ্বতৰ নিৰ্ঝাৰৰ নাদ শুনি অতি”- ইয়াত নিৰ্ঝাৰ মানে কি ?

উত্তৰ:  ইয়াত নিৰ্ঝাৰ মানে নিজৰা ।


৯. “আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ত্ব ।

দুনাই সূৰ্যে এৰি দেন্ত বাৰিষা কালত ।”

-এই কবিতাটিৰ স্তৱকটো কোনগৰাকী কবিৰ ৰচনা ? কবিতাটোৰ নাম কি ?

উত্তৰ: এই কবিতাটিৰ স্তৱকটো শ্রী মন্ত শংকৰদেৱৰ ৰচনা । কবিতাটোৰ নাম হ’ল- বর্ষা বৰ্ণন ।


১০. মহাপুৰুষ শ্রী মন্ত শংকৰদেৱে ৰচনা কৰা শ্রেষ্ঠ গ্রন্থখনৰ নাম কি ? (HS 2017) 

উত্তৰ: মহাপুৰুষ শ্রী মন্ত শংকৰদেৱে ৰচনা কৰা শ্রেষ্ঠ গ্রন্থখনৰ নাম- কীৰ্তন ঘোষা ।


১১. শ্রী মন্ত শংকৰদেৱ কোন যুগৰ কবি ?

উত্তৰ: শ্রী মন্ত শংকৰদেৱ বৈষ্ণৱ যুগৰ কবি ।


১২. “কৰিলা গুৱালি পলুৰঙ্গা থানে থান ।”

-ইয়াত ‘পলুৰঙ্গা’ শব্দই কি অর্থ প্রকাশ কৰিছে ?

উত্তৰ: ইয়াত ‘পলুৰঙ্গা’ শব্দই কেঁচুমতা বা কেঁচুৱে গেলা মাটি, এনে অর্থ প্রকাশ কৰিছে ।


১৩. শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ডৰ পদ ভাঙনি কৰিছিল ? (HS 2018) 

উত্তৰ: শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড ৰামায়ণৰ পদ ভাঙনি কৰিছিল ।


No comments:

Post a Comment