9.2.21

Borgeet (বৰগীত) questions answer HS 2nd year MIL Assamese

Borgeet (বৰগীত) questions answer HS 2nd year MIL Assamese

Borgeet (বৰগীত) questions answer HS 2nd year MIL Assamese


Borgeet (বৰগীত) questions answer HS 2nd year MIL Assamese: Borgeet ( (বৰগীত) is a poem from HS 2nd year MIL Assamese. Here you'll get Borgeet (বৰগীত) questions answer HS 2nd year MIL Assamese. 




বৰগীত: Borgeet HS 2nd year Assamese Questions answers (Sahitya Saorav) / Common question answer 2021



বৰগীত (Borgeet) 

(উঠ ৰে উঠ বাপু গোপাল হে……)

মাধৱদেৱ

 

আর্হি প্ৰশ্ন:

ক) অতি চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১) Borgeet very Short questions answers HS 2nd year

১) মাধৱদেৱৰ জন্ম ক’ত হৈছিল ?

উত্তৰ: উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱৰ জন্ম হৈছিল৷


২) শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় ?

উত্তৰ: শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক ‘মণিকাঞ্চন সংযোগ’ বুusse লি অভিহিত কৰা হয়৷


৩) কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্য‍িক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয় ?

উত্তৰ:নামঘোষা’ক মাধৱদেৱৰ সাহিত্য‍িক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয়৷


৪) মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?

উত্তৰ: মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল বুলি পোৱা যায়৷


৫) ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কি ৰাগত বন্ধা ?

উত্তৰ: ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো ‘কৌ্’ ৰাগত বন্ধা৷


খ) চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ২ অথৱা ৩)Borgeet Short questions answers HS 2nd year

১) বৰগীত কাক বোলে ? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি ? ভাগসমূহ উল্লেখ কৰা৷

উত্তৰ: মহাপুৰুষ শ্ৰীমন্ত শংকদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ-ৰাগিণীযুক্ত কেতবোৰ বিশেষ গীতক বৰগীত আখ্যা দিয়া হয়৷


অথৱা


 বিষয়বস্তুৰ মহত্ব, ৰচনাভংগীৰ সৌষ্ঠৱ্ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীর্যৰে মহাপুৰুষ দুজনাই ৰচনা কৰা একশ্ৰেণীৰ গীতক বৰগীত বোলা হয় ৷


বৰগীতৰ বিষয়বস্তুক ছটা ভাগত ভাগ কৰিব পৰা যায় –

(ক) লীলা (খ) বিৰহ (গ) বিৰক্তি (ঘ) পৰমার্থ (ঙ) চোৰ আৰু (চ) চাতুৰি‍


২) ড০ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় Noble Numbers বুলি কৈছে ?

উত্তৰ: গুৰুদুজনা ৰচিত বৰগীতসমূহৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰৱাহ লক্ষ্য কৰা যায়৷ সেয়েহে বৰগীতসমূহক ড০ বাণীকান্ত কাকতিয়ে Noble Numbers বুলি কৈছে৷


৩) মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি ?

উত্তৰ: বাৎসল্যভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য৷ ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানা ক্ৰিয়া-কলাপৰ মনোমুগ্ধকৰ বর্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাৱপ্ৰধান বুলি কোৱা হয়৷


৪) ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে ?

উত্তৰ: মাতৃ যশোদাই কৃষ্ণক ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি উল্লেখ কৰিছে ৷ সমস্ত চৰাচৰৰ আৰাধ্য দেৱতা ভগৱান শ্ৰীকৃষ্ণ ৷ তেওঁতে‍ জগতৰ সৃষ্টি, স্থিতি আৰু লয় হয়৷ সেয়েহে পুত্ৰৰূপে কৃষ্ণক লাভ কৰি‍ যশোদাই নিজকে কৃতার্থ মানিছে আৰু উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে ৷


৫) ‘সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে‍

       সো হৰি যশোৱা কোলে৷ – সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা৷

উত্তৰ: ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান আৰু সাধনাৰে চেষ্টা কৰি আহিছে৷ কিন্তু অনন্ত ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱন্তক তেওঁলোকে‍ লাভ কৰিব পৰা নাই৷ তাৰ বিপৰীতে‍ ভগৱানৰ প্ৰতি অচলা ভক্তিৰে মাতৃ যশোদাই ভগৱানক নিজৰ পুত্ৰৰূপে পাবলৈ বিচৰাত শ্ৰীকৃষ্ণৰূপে‍ যশোদাৰ কোলা শুৱাইছিল৷ প্ৰকৃততে‍ ইয়াৰ জৰিয়তে কবিয়ে‍ ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বিচাৰিছে আৰু ভগৱান যে‍ ভক্তৰ অধীন এই কথাকে ইয়াৰ জৰিয়তে হৃদয়স্পর্শী ৰূপত তুলি ধৰিছে৷


গ) দীঘল প্ৰশ্ন ৷ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথৱা ৫)Borgeet Long questions answers HS 2nd year

১) মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা৷

উত্তৰ: মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোত মাতৃ-পুত্ৰৰ মধুৰ সম্পর্কৰ বর্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা বর্ণনা কৰিছে৷ সিদ্ধ মুনি, ঋষিগণে বহু ধ্যান, বহু সাধনাৰ পিছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে৷ প্ৰকৃতার্থত বৰগীতটোৰ জৰিয়তে কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পর্শী ৰূপত তুলি ধৰিছে৷


২) বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা৷

উত্তৰ: মাধৱদেৱৰ বাৎসল্য ভাৱপ্ৰধান ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মাজেদি‍ শ্ৰীকৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত তুলি ধৰিছে৷ যশোদাই মৰমতে কৃষ্ণক বাপু, কমল-নয়ন, প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে৷ সকলো পুৰুষৰ শিৰৰ ভূষণ কৃষ্ণক তেওঁ বুকুত বান্ধি কোলাত লৈ বাৰে বাৰে চুমা খাইছে৷ বৰগীতটোত এইদৰেই মাতৃ-পুত্ৰৰ মধুৰ সম্পর্কৰ বর্ণনা কৰিছে৷


৩) বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা৷

উত্তৰ: ভগৱান শ্ৰীকৃষ্ণক হিন্দুৰ শ্ৰেষ্ঠ দেৱতা বিষ্ণুৰ অৱতাৰ ৰূপে আৰাধনা কৰা হয়৷ দৈৱকীৰ গর্ভত জন্ম লোৱা কৃষ্ণ গোকুলৰ নন্দ-যশোদাৰ ঘৰত ডাঙৰ-দীঘল হৈছিল৷ বৰগীতটিত মাধৱদেৱে কৰা বর্ণনা অনুসৰি, চৰাচৰ জগতৰ অধীপতি হৈয়ো যশোদাৰ ওচৰত তেওঁ এটি সাধাৰণ শিশুৰ দৰে আচৰণ কৰিছে৷ যশোদায়ো কৃষ্ণক সাধাৰণ শিশুৰ দৰে‍ মৰমতে বাপু, কমল-নয়ন, প্ৰাণধন আদি সম্বোধনেৰে টোপনিৰ পৰা জগাইছে আৰু বুকুত সাৱটি লৈ বাৰে বাৰে চুমা খাইছে৷ মাধৱদেৱে‍ এইদৰে মাতৃ-পুত্ৰৰ মধুৰ সম্পর্কৰ বর্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে৷ সিদ্ধ মুনি, ঋষিগণে বহু ধ্যান আৰু সাধনাৰ পিছতো বিচাৰি নোপোৱা ভগৱন্তক যশোদাই পৰম ভক্তিৰ বলত পুত্ৰৰূপে লাভ কৰিছে৷


৪) বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা৷

উত্তৰ: বৰগীতটোৰ মাধ্যমেৰে মাধৱদেৱে মাতৃ-পুত্ৰৰ মধুৰ সম্পর্কৰ বর্ণনাৰ মাজেৰে ভগৱান যে ভক্তিৰ দাস এই কথা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে৷ সিদ্ধ মুনি, ঋষিগণে ভগৱানৰ সাক্ষাৎ লাভ কৰিবৰ বাবে‍ বহু ধ্যান আৰু সাধনা কৰে৷ তাৰ পিছতো তেওঁলোকে‍ ভগৱানক বিচাৰি নাপায়৷ অথচ যশোদাই পৰম ভক্তিৰ বলত সেই ভগৱন্তক যশোদাই পুত্ৰৰূপে লাভ কৰিছে৷ বৰগীতটোৰ জৰিয়তে কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পর্শী ৰূপত তুলি ধৰিছে৷


৫) প্ৰসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঁ ৷


          ত্ৰিজগত পতি ভকতি মিলিল

                  মুৰুখ মাধৱে বোলে৷

উত্তৰ: উক্ত কাব্যাংশ আমাৰ পাঠ্যপুথিৰ মাদৱদেৱ ৰচিত ‘উঠৰে‍ উঠ বাপু গোপাল হে’ নামৰ বৰগীতটোৰ পৰা তুলি অনা হৈছে৷ কবিয়ে চৰাচৰ জগতৰ পতি ভগৱন্তৰ ভক্তিৰ স্বৰূপ বর্ণনা কৰিবলৈ গৈ উক্ত কাব্যাংশৰ অৱতাৰণা কৰিছে৷


ভগৱান শ্ৰীকৃষ্ণক হিন্দুৰ শ্ৰেষ্ঠ দেৱতা বিষ্ণুৰ অৱতাৰ ৰূপে আৰাধনা কৰা হয়৷ চৰাচৰ জগতৰ পতি, সমগ্ৰ ব্ৰহ্মাণ্ডৰ নিয়ন্ত্ৰা ভগৱন্ত ভক্তিৰ দাস৷ অচলা ভক্তিৰ দ্বাৰাহে তেওঁৰ সাক্ষাৎ লাভ কৰিব পৰা যায়৷ যশোদাই অচলা ভক্তিৰ দ্বাৰাই ভগৱন্তক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল৷ এনেদৰে কবিতাফাঁকিৰ মাজেদি ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি শেষত মাধৱদেৱে নিজৰ নামেৰে ভণিতা পেলাইছে৷

 

অতিৰিক্ত প্ৰশ্ন উত্তৰ: Borgeet extra / common questions answers HS 2nd year

১) বৎস মানে কি ?

উত্তৰ: বৎস মানে শিশু ৷


২) ‘ত্রিজগত পতি’ - এই শব্দ যুগলেৰে কি বুজোৱা হৈছে ?

উত্তৰ: ‘ত্রিজগত পতি’ -এই শব্দ যুগলেৰে ভগৱান শ্রী কৃষ্ণক বুজোৱা হৈছে ।


৩) মাধৱদেৱৰ বৰগীতবোৰত থকাৰ দৰে‍ শিশু কৃষ্ণৰ বর্ণনা আন কোন ভাৰতীয় কবিৰ ৰচনাত পোৱা যায় ?

উত্তৰ: মাধৱদেৱৰ বৰগীতবোৰত থকাৰ দৰে‍ শ্ৰীকৃষ্ণৰ শিশুৰূপৰ বর্ণনা মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতত পোৱা যায় ৷


৪) মাধৱদেৱৰ পিতৃৰ নাম কি আছিল ?

উত্তৰ: মাধৱদেৱৰ পিতৃৰ নাম আছিল গোৱিন্দগিৰী ৷


৫) মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল ?

উত্তৰ: মাধৱদেৱে মাধৱকন্দলি‍ ৰামায়ণৰ আদি‍কাণ্ড অনুবাদ কৰিছিল ৷


৬) ক’ত আৰু কেতিয়া মাধৱদেৱৰ বৈকুন্ঠ্ প্ৰয়াণ ঘটে ?

উত্তৰ: ১৫৯৬ খৃষ্টাব্দত কোচবিহাৰত মাধৱদেৱৰ বৈকুন্ঠ্ প্ৰয়াণ ঘটে ৷


৭) মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে …’ বৰগীতটি ক’ৰ পৰা সংগৃহীত ?

উত্তৰ: ‘মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে …’ বৰগীতটি হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত ‘বৰগীত’ নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে ৷


৮) ব্ৰজাৱলী ভাষাৰ দুটামান বৈশিষ্ট্য লিখা ৷

উত্তৰ: ভগৱান কৃষ্ণৰ লীলা বর্ণনা কৰিবলৈ‍ অসম, বংগ আৰু উৰিষ্যাত এক কৃত্ৰিম ভাষাত সাহিত্য ৰচিত হৈছিল৷ প্ৰধানতঃ বৈষ্ণৱ ধর্ম প্ৰচাৰ কার্যত এই সাহিত‍্য‍িক ভাষা প্ৰয়োগ হৈছিল৷ব্ৰজাৱলী ভাষাৰ কেতবোৰ বৈশিষ্ট্য পৰিল‍ক্ষ‍িত হয় –

ক) ব্ৰজাৱলী ভাষা এটা কৃত্ৰিম সাহিত্য‍িক ভাষা৷ সাহিত্য ৰচনাৰ ক্ষেত্ৰত এই ভাষা ব্যৱহাৰ হৈছিল ৷

খ) ব্ৰজাৱলীৰ মূল ভেটি মৈথিলী ভাষা ৷

গ) ব্ৰজাৱলী ভাষাত প্ৰচুৰ স্বৰধ্বনিৰ প্ৰয়োগ লক্ষ্যণীয়৷ যাৰ বাবে ভাষাটো অতি শ্ৰুতিমধুৰ ৷


৯) বৰগীতৰ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰ: মহাপুৰুষ দুজনা ৰচিত বৰগীতসমূহৰ কিছুমান সাধাৰণ বৈশিষ্ট্য পৰিল‍ক্ষ‍িত হয়৷ যেনে‍-

ক) বৰগীতসমূহৰ ভাষা ব্ৰজাৱলী ৷

খ) বৰগীতসমূহ ভক্তিমূলক আৰু আধ্যাত্ম‍িক ভাৱ প্ৰকাশক ৷

গ) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত ৷

ঘ) নামধর্ম প্ৰচাৰৰ উদ্দেশ্য‍ আগত ৰাখি‍ বৰগীতসমূহ ৰচিত হৈছিল ৷

ঙ) বৰগীতসমূহত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰ সমাহাৰ ঘটিছে ৷


১০) মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা ।

উত্তৰ: মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটি শ্রী কৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আরু সুন্দৰ ৰূপত পৰিস্ফূট হৈছে ।

    

যশোদাই শিশু কৃষ্ণক বাপু, কমল-নয়ন, প্রাণধন আদিৰে সম্বোধন কৰি টোপনিৰ পৰা জগাইছে । সকলো পুৰুষৰ শিৰৰ ভূষণ হ’ল কৃষ্ণ । যশোদাই ‘মোৰ পুত্র’ বুলি কৃষ্ণক বুকুত বান্ধি লৈছে, কোলাত লৈ বাৰে বাৰে চুমা খাইছে আৰু আনন্দত নিমৰ্জিত হৈছে ।

    

মাধৱদেৱৰ এইদৰে মাতৃ-পুত্রৰ মধুৰ সম্পর্কৰ বৰ্ণনা কৰি কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা বৰ্ণনা কৰিছে । সিদ্ধ মুনি আরু ঋষিসকলে বহু ধ্যান আৰু বহু সাধনা কৰিও যিজনা ভগৱানক বিচাৰি নাপায়, সেইজন ভগবানক ভক্তিৰ বলত যশোদাই পুত্ররূপে লাভ কৰি স্নেহ কৰিব পাৰিছে । ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে ।


১১) বৰগীত কাক বোলে ?

উত্তৰ: বিষয়বস্তুৰ মহত্ব, ৰচনাভংগীৰ সৌষ্ঠৱ্ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীর্যৰে মহাপুৰুষ দুজনাই ৰচনা কৰা একশ্ৰেণীৰ গীতক বৰগীত বোলা হয় ৷ মহাপুৰুষ দুজনাই অসমীয়া সাহিত্যলৈ আগবঢে়াৱা অভিনৱ অৱদানসমূহৰ ভিতৰত বৰগীত অন্যতম ৷ 


বৰগীতবোৰৰ ভাষা ব্ৰজাৱলী৷ মৈথিলী ভাষাৰ ভেটিত বঙালী আৰু উৰীয়া ভাষাৰ সংযোগ ঘটাই নিজ নিজ অঞ্চলত বৈষ্ণৱ কবিসকলে এই ভাষা সাহিত্য সৃষ্টিত ব্যৱহাৰ কৰিছিল৷ শংকৰদেৱেও সমাজৰ সকলো স্তৰৰ লোকৰ বাবে বুজিবলৈ‍ সহজ হোৱাকৈ অন্যান্য সাহিত্যৰাজিৰ লগতে বৰগীততো ব্ৰজাৱলী ভাষা প্ৰয়োগ কৰিছে৷


বৰগীতবোৰৰ বিষয়বস্তুক পণ্ডিতসকলে ৬ টা ভাগত ভাগ কৰিছে –

১) পৰম পুৰুষ ভগৱানৰ অৱতাৰী লীলা৷

২) কৃষ্ণৰ বিদায় কালত যশোদা আৰু গোপ-গোপীৰ বিৰহ দুখ৷

৩) পৰমার্থ৷

৪) সংসাৰৰ প্ৰতি বিৰক্তি৷

৫) কৃষ্ণৰ চৌর্য ক্ৰিয়া৷ আৰু

৬) কৃষ্ণৰ চাতুৰি৷



No comments:

Post a Comment