23.5.21

Prashasti (প্ৰশস্তি) class 10 Questions Answers HSLC Assamese SEBA

Prashasti (প্ৰশস্তি) class 10 Questions Answers HSLC Assamese SEBA

Prashasti (প্ৰশস্তি) class 10 Questions Answers HSLC Assamese SEBA


Prashasti (প্ৰশস্তি) class 10 Questions Answers HSLC Assamese SEBA: Prashasti is the 3rd poem from class 10 HSLC Assamese (MIL) SEBA text-book "Axomia Sahitya Chayanika". Here you will get Prashasti class 10 Questions Answers HSLC Assamese SEBA




Class 10 Assamese Prashasti Text-book Questions Answers


প্ৰশস্তি

― ৰঘুনাথ চৌধাৰী


প্ৰশ্নৱলী


ভাব-বিষয়কঃ


১। অতি চমু উত্তৰ দিয়াঃ


(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?

উত্তৰ: ৰঘুনাথ চৌধাৰীক 'বিহগী কবি’বুলি জনা যায় ।


(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা – পুথি দুখনৰ নাম লিখা ।

উত্তৰ: ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হ’ল- সাদৰী আৰু কেতেকী


(গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে  ?

উত্তৰ: প্রকৃতিক নৱ কিশলয়দলে অর্থাৎ গছৰ কুঁহিপাত , গজালি , কোঁহে সাদৰি আনিলে বুলি কবিয়ে কৈছে ।


(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ?

উত্তৰ: মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ।


(ঙ) জল , স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে  ?

উত্তৰ: জল , স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে ।


(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?

উত্তৰ: মুক্তি পথযাত্রীয়ে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে ।


Class 10 MIL Assamese HSLC SEBA Solutions

২। কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।

উত্তৰ: কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু টানি আনিছে। সেইবোৰ হল - উষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰীক্ষ, কীচক বেণু আৰু বিহংগ আদি।


৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে  ?

উত্তৰ: কবিতাটোত কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি বা আৰাধনা কৰিছে । কিয়নাে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰা কথা কৈছে। সেয়েহে সেই চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে।


৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিবৰি লিখা ।

উত্তৰ: প্ৰকৃতিৰৰূপ আৰাধনাৰ আঁৰত কবি ৰঘুনাথ চৌধাৰীৰ 'প্ৰশস্তি’ কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সােমাই আছে । প্রকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । কালৰাত্ৰিৰ অন্তত যিদৰে পূৱাৰ সূৰুয়ে দশোদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে, জল-স্থল আনকি অন্তৰীক্ষও জিলিকি উঠে । সেইদৰে গছ-বন, ফুল-ফলেও যেন আনন্দত আত্মহাৰা হৈ পৰিছে , চৰাই-চিৰিকটি আদিয়েও সকলােতে দেৱতাৰ সন্ধান কৰিছে।


৫। প্রশস্তি কবিতাটোৰ মূলভাব লিখা ।

উত্তৰ: 'প্ৰশস্তি' কবিতাটোত কবি ৰঘুনাথ চৌধাৰীয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। 


বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে। বনৰ চৰাইৰ সুললিত কণ্ঠই সমস্ত প্ৰকৃতিত গুঞ্জন তুলিছে যত কবিয়ে অনুভৱ কৰিছে চিৰসুন্দৰৰ উপস্থিতি। বায়ু, পানী, মাটি সকলোৱে যেন বিয়পি পৰিছে সুন্দৰৰ স্থিতি। যেন সকলোৱে বিচাৰি ফুৰিছে পৰম সত্তাক। কবিয়ে এনে সময়ত `অমৃতৰ সন্তান' সম্বোধনেৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কালৰাত্ৰিৰ পিছত যিয়ে মুক্তিৰ বাট দেখাব পাৰে সেয়া চিৰসুন্দৰ। প্ৰকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । যিদৰে আন্ধাৰৰ পিছত পোহৰ দিয়ে সূৰ্য্যই। কৰবাৰ পৰা ভাহি আহিছে কীচক বেণুৰ সুৰ যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আবাহান। সেই আবাহনী সুৰ যি সুৰ অন্তঃ কৰণেৰে উপলব্ধি কৰিবলৈ আৰু ভক্তসকলক মোহ - মায়া ত্যাগ কৰি ধ্যানময় হবলৈ কবিয়ে কৈছে।



৬। উঠা হেঋত্বিক ধ্যানী অমৃতৰ পুত্র ,

     উঠা যত মুক্তি পথযাত্রী ।’

     ― কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।

উত্তৰ: উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত ৰঘুনাথ চৌধাৰীদেৱে  বিৰচিত "প্রশস্তি " নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।


কবিয়ে কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱন দুদিনীয়া বুলি কৈছে। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা দুখ - যন্তণাত জৰ্জৰি হয়। তেনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়াই, তেনেদৰে বেয়া সময়েও মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিদিষ্ট সময়ৰ মূৰত সুৰুজৰ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়া - মোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্ত অৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতি জগতৰ সকলোৰে ধ্যান সুৰুজৰ প্ৰতি অৰ্থাৎ আন্ধাৰবিনাশী শক্তি বুলি অনুভব কৰিছে। সকলোয়ে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল ভগবানে বা স্ৰজনকৰ্তাই। বায়ু, পানী, মাটি এই সকলোবোৰ যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন।


৭। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।

উত্তৰ: প্ৰশস্তি' কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন দুদিনীয়া। নিদিষ্ট সময়ৰ বাবে মানুহ পৃথিৱীলৈ আহে। এই সময়ছোৱাত মানুহৰ জাগতিক মায়া - মোহত এনেদৰে বন্ধা খাই থাকে যেন জীৱনৰ অন্যকথা পাহৰি যায়। কবিতাটোৰ মাজেৰে কবিয়ে কব বিচাৰিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে বিয়াই থাকে। এই সকলোবোৰৰ মূলতে সৃষ্টিকৰ্তাহে। সৃষ্টিকৰ্তাৰ অবিহনে সুন্দৰৰ ৰূপ প্ৰাপ্তিও সম্ভৱ নহয়।

         

মানৱ জীৱন দুদিনীয়া মায়া - মোহত বন্দী হৈ এই চিৰমুক্তি পথৰ কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তিয়ে মানুহৰ ধ্যান। সেয়েহে এই কথা কেতিয়াও নাপাহৰি, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজেৰে চিৰসুন্দৰৰ ধ্যান কৰা উচিত। মানুহক `অমৃতৰ পুত্ৰ' সম্বোধনেৰে কবিয়ে সেয়ে চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।


HSLC SEBA Assamese Class 10 Questions Answers

৮। ব্যাখ্যা কৰাঃ


(ক) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ

       ছদভৰা সুমধুৰ তান ,

       জল স্থল অন্তৰীক্ষ সকলােতে যেন ।

      দেৱতাৰ মহা অভিযান ।

উত্তৰ: উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত ৰঘুনাথ চৌধাৰীদেৱে  বিৰচিত "প্রশস্তি " নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।


এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ কব বিচাৰিছে।


সূৰ্য্য উদয় হোৱাৰ লগে লগে প্ৰকৃতিজগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন ন ৰূপ লয়। গছৰ ডালত বহি বনৰ বিভিন্ন চৰায়ে সুললিত সুৰেৰে গীত জুৰে। এনে ক্ষণত চৌদিশে যেন কবিয়ে অন্য এক নতুন সুৰহে শুনিবলৈ পাই। কবিৰ এনে লাগে যেন মাটিয়ে - পানীয়ে, আকাশে - বতাহে, গছে - বনে ধ্বনিত হৈছে চিৰসুন্দৰৰ আৱহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিবেশৰ। যত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ।


(খ) কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ

       শেষ হ’ল মহাকালৰাত্রি ,

       উঠা হেঋত্বিক ধ্যানী অমৃতৰ পুত্র

       উঠা যত মুক্তি পথযাত্রী ।

উত্তৰ: উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত ৰঘুনাথ চৌধাৰীদেৱে  বিৰচিত "প্রশস্তি " নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।


এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ কৈছে।


এই পৃথিৱীখনৰ সকলো আৱৰ্জনা, প্ৰদূষিত উপাদানবোৰ আঁতৰাই সূৰ্য্যই পৃথিৱী আৰু প্ৰকৃতি জগতখন আলোকিত কৰিছে নিশাৰ আন্ধাৰ ভেদি। সেই আলোকতে সকলো নিমগ্ন হৈ নিজ নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে প্ৰকৃতি জগতখন। মানুহো প্ৰকৃতি জগতৰ অংগ। অন্যান্য উপাদানৰ নিচিনা মানুহো আন্ধাৰত আৱদ্ধ হৈ থাকে। মানুহৰ জীৱনৰ আন্ধাৰ বুলি কবলৈ হলে দুখ - যন্তণা প্ৰধান। সংসাৰৰ মায়া - মোহে সেইবোৰ দুগুনে বঢ়ায়। এই অন্ধকাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ সম্ভৱ কেৱল চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে তেওঁ সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে।


(গ) মােহন কীচক বেণু অনাহত ছন্দে

      গায় মহামহিমৰ গান ,

      মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ !

      সুন্দৰৰকৰা ৰূপধ্যান ।

উত্তৰ: উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত ৰঘুনাথ চৌধাৰীদেৱে  বিৰচিত "প্রশস্তি " নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।


এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ, অৱসাদ, মায়া-মোহ ত্যাগ কৰাৰ কথা কৈছে ।

 

কবিয়ে এই কবিতাটোত মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ কথা কৈছে। মানৱ জীৱন অস্হায়ী। মানুহ নিৰ্দিষ্ট সময়ৰ বাবেহে পৃথিৱীলৈ আহে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্য্যৰ মায়া - মোহত এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলাই। কবিতাটোৰ মাজেৰে কবিয়ে কব খুজিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে ধিয়াই আছে। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। এই সংসাৰ দুদিনীয়া মায়া - মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তি হে মানৱৰ ধ্যান। সেয়েহে এই কথা নাপাহৰি এলাহ, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাৱে।



ভাষা-বিষয়কঃ


১। অর্থ লিখাঃ


কিশলয়,    চিত্তহাৰী,    অন্তৰীক্ষ,    তন্দ্রালস ।


উত্তৰ: কিশলয় ― কুঁহিপাত

           চিত্তহাৰী — মন-প্রাণ হৰি নিয়া

           অন্তৰীক্ষ — আকাশ

           তন্দ্রালস ― ক্লান্ত, টোপনি যোৱা অৱস্থা



২। বাক্য ৰচনা কৰাঃ


দশােদিশ,  উপেক্ষিত,  জৰাজীর্ণ,  অমৃত,  মােহ ।


উত্তৰ:

দশােদিশঃ  আমাৰ পদুলি মুখৰ গোলাপজোপাৰ সুগন্ধই দশোদিশ আমোল মোলাই আছে।

উপেক্ষিতঃ আনক উপেক্ষিত কৰিৱ নাপায় ।

জৰাজীর্ণঃ তেওঁ জৰাজীৰ্ণ ঘৰত থাকিও উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰিছিল।

অমৃতঃ ভোকাতুৰ অৱস্থাত শুদা ভাতো অমৃত যেন লাগে।

মােহঃ মিছা মায়া-মোহ ৰ বন্দী হৈ আমি আনৰ অপকাৰ কৰা অনুচিত। 


৩। সমার্থক শব্দ লিখাঃ


তৰু,  মুক্তি,   সুমধুৰ,   অভিযান,  ধ্যানী ।


উত্তৰ: তৰু ― লতা, লতিকা

          মুক্তি ― মুকলি, ৰেহাই

          সুমধুৰ ― সুমিষ্ট, মৌ - সনা

          ধ্যানী — তপস্বী


1 comment:

  1. Harrah's Casino and Hotel - Jordan 10 Retro Outlet
    Harrah's Casino and Hotel, owned by Vici Properties, 메이저 사이트 목록 Inc., 스포츠스코어 is an indian casino and hotel located in West air jordan 18 retro red suede free shipping Virginia. 벳 인포 It is located where to find air jordan 18 retro red suede in West Virginia and is

    ReplyDelete