Ravanak Bivishanar Hoj Upadesh(ৰাৱণক বিভীষণৰ সজ উপদেশ) class 11 Assamese Question Answers
Ravanak Bivishanar Hoj Upadesh(ৰাৱণক বিভীষণৰ সজ উপদেশ) class 11 Assamese Question Answers: Ravanak Bivishanar Hoj Upadesh is the 1st poem & chapter 10 from class 11/HS 1st year Assamese (MIL) text-book "Sahitya Saurabh". Here you will get Ravanak Bivishanar Hoj Upadesh(ৰাৱণক বিভীষণৰ সজ উপদেশ) class 11 Assamese Question Answers.
Class 11 Assamese Chapter 10; ৰাৱণক বিভীষণৰ সজ উপদেশ Questions Answers
ৰাৱণক বিভীষণৰ সজ উপদেশ
মাধৱ কন্দলি
আর্হি প্ৰশ্নঃ
ক) অতি চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)
১। মাধৱ কন্দলিয়ে অনুবাদ কৰা ৰামায়ণ বাল্মীকি ৰামায়ণৰ শ্লোকানুবাদ নে ভাবানুবাদ ?
উত্তৰ: মাধৱ কন্দলিয়ে অনুবাদ কৰা ৰামায়ণখন বাল্মীকি ৰামায়ণৰ ভাবানুবাদ
২। সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্দী কৰি ৰাখিছিল ?
উত্তৰ: সীতাক হৰণ কৰি নি ৰাৱণে লংকাৰ অশোক বাটিকাত বন্দী কৰি ৰাখিছিল ৷
৩। ‘অপ্ৰমাদী’ শব্দৰ অর্থ কি ?
উত্তৰ: ‘অপ্ৰমাদী’ শব্দৰ অর্থ হ’ল নিৰ্ভুল বা ভ্ৰান্তিহীন ৷
৪। ইন্দ্ৰজিৎ কোন আছিল ?
উত্তৰ: ইন্দ্ৰজিৎ ৰাৱনৰ পুত্ৰ আছিল ৷
৫। ৰাৱণৰ পত্নীৰ নাম কি আছিল ?
উত্তৰ: ৰাৱণৰ পত্নীৰ নাম আছিল মন্দোদৰী ৷
HS 1st Year Assamese Questions Answers Assam
খ) চমু প্ৰশ্নঃ(প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথৱা ৩)
১। নৈকেষী কোন ? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠাইছিল ?
উত্তৰ: নৈকেষী ৰাৱণৰ মাতৃ আছিল ৷ লংকাৰ পৰা সীতাক উদ্ধাৰৰ বাবে ৰামে চলোৱা লংকা অভিযানৰ কথা জানিব পাৰি মাতৃ নৈকেষী চিন্তান্বিত হৈ পৰে৷ যুদ্ধ হ’লে লংকাৰ সর্বনাশ হ’ব বুলি আশংকা
কৰিছিল ৷ সেয়ে সীতাক সসন্মানে ৰামৰ হাতত গতাই দি লংকাক সর্বনাশ হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে বিভীষণক ৰাৱণক বুজাবলৈ ৰাজসভালৈ পঠাইছিল ৷
২। নাগপাশ কি ? হনুমানক কোনে, কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল ?
উত্তৰ: নাগপাশ হ’ল পুৰণি কালত যুদ্ধত শত্ৰুৰ ওপৰত প্ৰয়োগ কৰা অস্ত্ৰ বিশেষ বা শত্ৰুক বন্ধা জৰী ৷ সীতাৰ সন্ধানত হনুমান লংকাত প্ৰৱেশ কৰি গছ-বন সকলো তহিলং কৰিলে । হনুমানে যেতিয়া গোটেই লংকাখন ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি সীতাৰ ওচৰলৈ আহিছিল তেতিয়া ৰাৱণ পুত্ৰ ইন্দ্ৰজিতে যুদ্ধৰ ধর্মৰ বিপৰীতে গৈ নাগপাশেৰে হনুমানক বন্দী কৰি থৈছিল ।
৩। হনুমান যে ৰামৰ ভক্ত এই কথা লংকাত বন্দিনী সীতাৰ আগত কেনেদৰে প্ৰমাণ কৰিছিল ?
উত্তৰ: সীতাৰ সন্ধানত হনুমানক লংকালৈ প্ৰেৰণ কৰাৰ সময়ত ৰামে এটা আঙুঠি দি পঠাইছিল ৷ লংকাত বন্দিনী সীতাক সেই আঙুঠিটো দেখুৱাই হনুমানে নিজকে ৰামৰ ভক্ত বুলি সীতাৰ আগত প্ৰমাণ কৰিছিল৷
৪। শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল ?
উত্তৰ: প্ৰাক্ শংকৰীযুগত শ্ৰেষ্ঠ্ কবি মাধৱ কন্দলিয়ে ‘সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো’ বুলি উল্লেখ কৰি গৈছে যদিও অনুদিত ৰামায়ণখনৰ ‘আদিকাণ্ড’ ‘উত্তৰাকাণ্ড’ দুটা পোৱা নাযায় ৷ সেয়ে শংকৰদেৱে ‘উত্তৰাকাণ্ড’ আৰু মাধৱদেৱে ‘আদিকাণ্ড’ অনুবাদ কৰি ৰামায়ণখন সম্পূর্ণ কৰি থয় ৷
৫। উত্তম, মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয় ? ৰাজকার্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয় ?
উত্তৰ: বিভীষণে ৰাৱণক উপদেশ দিয়াৰ সময়ত তিনিবিধ মন্ত্ৰণাৰ কথা উল্লেখ কৰিছে ৷ বিভীষণৰ মতে ৰাজসভাত যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত যেতিয়া এজন মন্ত্ৰীয়ে দিয়া এটা সিদ্ধান্তক সকলোৱে একেস্বৰে সমৰ্থন কৰে তেতিয়া তাক উত্তম সিদ্ধান্ত বা উত্তম মন্ত্ৰ বুলিব পাৰি । আনহাতে পাত্ৰ-মন্ত্ৰীসকলৰ বহুতে লগলাগি অৰ্থাৎ নানা আলোচনাৰ মাজেৰেহে এটা সিদ্ধান্তত উপনীত হ’বলগীয়া হয়, তেতিয়া তেনে সিদ্ধান্তক মধ্যম মন্ত্ৰ বোলা হয় । শেষত যিবোৰ সিদ্ধান্ত ল’বলৈ মানুহৰ অৰ্থাৎ পাত্ৰ-মন্ত্ৰীসকল অপাৰগ হৈ তাক দৈৱলৈ ঠেলি দিয়ে তেতিয়া তেনে সিদ্ধান্তক অধম মন্ত্ৰ বুলিব পাৰি । ৰাজকার্য পৰিচালনাত উত্তম মন্ত্ৰণাক শ্ৰেষ্ঠ্ মন্ত্ৰণা আখ্যা দিয়া হৈছে ৷
Class 11 Assamese / HS 1st Year Assamese Chapter 10
গ) দীঘল প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথৱা ৫)
১। বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল ?
উত্তৰ: লংকাধিপতি ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ কথা জানিব পাৰি ৰামে বানৰ সৈন্যৰ সহযোগত লংকা অভিযান আৰম্ভ কৰে ৷ এই কথা জানিব পাৰি ৰাৱণৰ মাতৃ নৈকেষি চিন্তান্বিত হৈ পৰে ৷ তেওঁ বিভীষণক ৰাৱণৰ ৰাজসভালৈ গৈ ৰাৱণক যুদ্ধৰ পৰা বিৰত থাকিবলৈ উপদেশ দিবলৈ নির্দেশ দিয়ে ৷ সেই অনুসৰি বিভীষণ ৰাৱণৰ ৰাজসভাত উপস্থিত হয় ৷ পাত্ৰ-মন্ত্ৰী সমন্বিতে বহি থকা ৰাৱণক ৰাজোচিত সন্মান
জনাই তেওঁ কয় যে, ৰাম জগতৰ পতি আৰু যুদ্ধ হ’লে তেওঁৰ হাতত স্বর্ণলংকা ধ্বংস অনিবার্য ৷ অনতি পলমেই বানৰ সেনাৰ সহযোগত সাগৰ লংঘি ৰাম লংকাত প্ৰৱেশ কৰিব আৰু সীতাকো উদ্ধাৰ কৰি লৈ যাব ৷ ইয়াত বাধা দিব পৰা ক্ষমতা কাৰো নাই, সেয়েহে সময় থাকোতেই ৰাৱণে সীতাক সসন্মানে ৰামৰ হাতত গটাই দিয়া উচিত ৷
২। সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল ?
উত্তৰ: সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে সুগ্ৰীৱৰ সহায় লৈছিল । কিষ্কিন্ধাৰ বানৰ ৰজা সুগ্ৰীৱৰ লগত ৰামে মিত্ৰতা কৰি সীতাক উদ্ধাৰ কৰিবৰ বাবে যো-জা চলাইছিল । বানৰ সেনাৰ সহযোগত সাগৰত শিলেৰে সেতু বান্ধি লংকালৈ গৈছিল আৰু সীতাক উদ্ধাৰ কৰিছিল ।
৩। কবিতাটিৰ মাজেৰে প্ৰকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ কৰা ৷
উত্তৰ: ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ শীর্ষক কবিতাটোত বিভীষণক এজন নম্ৰ, ধীৰ-গম্ভীৰ পুৰুষ যাৰ আছে সুষ্ঠ বিচাৰ বিবেচনা, সৎসাহস আদি গুণ লগতে তেওঁ আছিল ৰামভক্ত হিচাপে অংকন কৰিছে ৷
কবিতাটোৰ আৰম্ভতে বিভীষণৰ এই গুনবিলাকৰ বৰ্ণনা দিয়া হৈছে অতি সুন্দৰকৈ –
গহীন গম্ভীৰ ধীৰ বীৰ বিভীষণ ।
ৰামত ভকত অতিশয় শুদ্ধ মন ।।
ৰাজনয় সমুচিত ধৰ্মক জানন্ত ।
ৰাৱণক সম্বোধিয়া বাক্য বুলিলন্ত ।।
বিভীষণৰ আন এটা গুণ হ’ল তেওঁ মাতৃভক্ত আছিল । মাকৰ আদেশতে তেওঁ ৰাৱণক ভৱিষ্যত বিপদৰ পৰা সাৱধান কৰি দিবলৈ যত্ন কৰিছিল ।
৪। মাধৱ কন্দলিৰ কাব্যিক প্ৰতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ৷
উত্তৰ: প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ্ কবি মাধৱ কন্দলিয়ে চতুর্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত সংস্কৃত ৰামায়ণ অসমীয়ালৈ ভাঙনি কৰিছিল ৷ আধুনিক ভাৰতীয় আর্যভাষাসমূহৰ ভিতৰত মাধৱ কন্দলিৰ ৰামায়ণখনেই প্ৰথম ৰচনা৷ অৱশ্যে তেওঁৰ অনুদিত ৰামায়ণখনৰ পাঁচটা কাণ্ডহে পোৱা যায় ৷ উত্তৰা আৰু আদিকাণ্ড পোৱা
নাযায় ৷ মাধৱ কন্দলিয়ে বাল্মিকী ৰামায়ণৰ শ্লোকানুবাদ কৰাৰ পৰিৱর্তে ভাৱানুবাদহে কৰিছে ৷ যাৰ বাবে কবিৰ স্বকীয় কাব্য প্ৰতিভা প্ৰতিটো কাণ্ডতে স্পষ্ট্ ৰূপত দেখা পোৱা গৈছে ৷ তেওঁ অৱতাৰণা কৰা ভালেমান কথা বাল্মিকী ৰামায়ণত নাই ৷ এনেদৰে দেখা যায় মাধৱ কন্দলিৰ ৰামায়ণৰ মাজেৰে তেওঁৰ কাব্যিক প্ৰতিভা সুন্দৰ ৰূপত প্ৰকাশ পাইছে৷
৫। বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্ৰ মন্ত্ৰীসকলে ৰাৱণক কেনে ধৰণৰ উপদেশ দিছিল ?
উত্তৰ: ৰামৰ লংকা অভিযানৰ কথা জানিব পাৰি ৰাৱণক সজ উপদেশেৰে সৎ পথলৈ ঘূৰাই আনিবৰ বাবে উপদেশ দিবলৈ বিভীষণক প্ৰেৰণ কৰিছিল ৷ সেই অনুসৰি বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক ৰামৰ সৈতে যুদ্ধ নকৰি সীতাক সসন্মানে ঘূৰাই দিয়াৰ উপদেশ দিছিল ৷ কিন্তু বিভীষণৰ এই সজ উপদেশৰ বিপৰীতে ৰাৱণৰ ৰাজসভাত থকা পাত্ৰ-মন্ত্ৰীসকলে ৰাৱণক যুদ্ধৰ বাবেহে উচটনি দিছিল ৷ তেওঁলোকে
ৰাৱণক ক’লে যে, ভুলবশতঃহে হনুমানে লংকা দাহ কৰিবলৈ সক্ষম হ’ল ৷ সম্প্ৰতিশত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ এতিয়া সকলো সাৱধান হৈ আছে ৷ অস্ত্ৰ-শস্ত্ৰৰেও লংকা সমৃদ্ধ হৈ আছে ৷ তেনেক্ষেত্ৰত ৰামৰ দৰে সাধাৰণ মানুহ এজনক ভয় কৰাৰ কোনো প্ৰয়োজন নাই বুলি পাত্ৰ-মন্ত্ৰীবোৰে ৰাৱণক মন্ত্ৰণা দিলে আৰু যুদ্ধৰ বাবে উচটনি দিছিল ।
No comments:
Post a Comment