25.5.21

Borgeet Jaya Jaya Jadaba (বৰগীত: জয় জয় যাদৱ) class 11 Assamese Question Answers

Borgeet Jaya Jaya Jadaba (বৰগীত: জয় জয় যাদৱ) class 11 Assamese Question Answers

Borgeet Jaya Jaya Jadaba (বৰগীত: জয় জয় যাদৱ) class 11 Assamese Question Answers


Borgeet Jaya Jaya Jadaba (বৰগীত: জয় জয় যাদৱ) class 11 Assamese Question Answers: Borgeet Jaya Jaya Jadaba is the 2nd poem & chapter 11 from class 11/HS 1st year Assamese (MIL) text-book "Sahitya Saurabh". Here you will get Borgeet Jaya Jaya Jadaba (বৰগীত: জয় জয় যাদৱ) class 11 Assamese Question Answers. 




Class 11 Assamese Chapter  11 বৰগীত: জয় জয় যাদৱ / HS 1st Year Assamese 


বৰগীত: জয় জয় যাদৱ


--শংকৰদেৱ


(ক) অতি চমু প্ৰশ্ন (মূল্যাংক-১) 


১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো ?

উত্তৰ: শংকৰদেৱৰ প্ৰথম বৰগীত 'মন মেৰি ৰাম চৰণহি লাগু' ৷


২। শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি ?

উত্তৰ: শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম 'ভক্তি ৰত্নাকৰ' ৷


৩। শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল ?

উত্তৰ: শংকৰদেৱে ছয়খন নাট ৰচনা কৰিছিল ৷


৪। বৰগীতবোৰ কি ভাষাত ৰচিত ?

উত্তৰ: বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত ৷


৫। শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি ?

উত্তৰ: শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কৃষ্ণ ভক্তিৰ মহিমা প্ৰকাশ ৷




Class 11 Assamese Chapter 11; বৰগীত: জয় জয় যাদৱ Questions Answers


(খ) চমু প্ৰশ্ন (মূল্যাংক-২/৩) 


১। ' শ্ৰুত মাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ কি ? ইয়াৰ দ্বাৰা কাৰ কথা কোৱা হৈছে ?

উত্তৰ: ' শ্ৰুত মাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোঁতা ৷ ইয়াৰ দ্ধাৰা শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে । তেওঁৰ নাম শ্ৰৱণ কৰা মাত্ৰকে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয় ।


২। বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা ৷

উত্তৰ: বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম-মধুৰিপু আৰু মুৰনাশী ।


৩। বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণক কিয় 'মহদানন্দ কন্দ' বুলি কোৱা হৈছে ?

উত্তৰ: বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণক 'মহদানন্দ কন্দ' বুলি কোৱা হৈছে কাৰণ তেওঁ মহৎ বা পৰম আনন্দৰ মূল কাৰণ শ্ৰীকৃষ জগতৰ সকলোৱে জীৱন শ্বৰূপ আৰু সকলোৰে দুখহৰ্তা । 


৪। শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল ?

উত্তৰ: শ্ৰীকৃষ্ণই বেদসমূহ মৎস অৱতাৰ লৈ প্লাৱনৰ পৰা সৃষ্টি হোৱা প্ৰলয়ংকৰী জলৰপৰা বেদসমূহ উদ্ধাৰ কৰিছিল ৷


৫। বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে ?

উত্তৰ: শ্ৰৱণ মানে শুনা কাৰ্য আৰু স্মৰণ মানে অভিজ্ঞান বা মনত পেলোৱা কাৰ্য । বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা সম্পৰ্কে কবিয়ে কৈছে যে, ভগৱানৰ নাম শ্ৰৱণ বা স্মৰণ কৰা মাত্ৰেই সকলোবোৰ দুখ-কষ্ট মোচন হয় ৷ তেওঁৰ নাম উচ্চাৰণে জগতক বিপদৰ পৰা উদ্ধাৰ কৰি ভক্তৰ মনোকামনা পূৰ্ণ কৰে ৷



বৰগীত: জয় জয় যাদৱ Class 11 Assamese Chapter 11 HS 1st Year


(গ) দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫) 


১। শংকৰদেৱৰ " জয় জয় যাদৱ জলনিধিজা " বৰগীতটিৰ মূলভাব লিখা ৷

উত্তৰ: শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটি ভগৱান শ্ৰীকৃষ্ণৰ জয় জয় ধ্বনিৰে আৰম্ভ হৈছে । বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ নামৰ মহিমা, পৰম মঙ্গলময় ৰূপ আৰু ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে । ভগৱান শ্ৰীকৃষ্ণৰ নাম শ্ৰৱণ আৰু স্মৰণৰ মহিমা প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰম কৰুণাময় ৰূপ অংকন কৰিছে ৷ তেওঁৰ নাম শ্ৰৱণ আৰু স্মৰণ কৰা মাত্ৰেই জগতৰ সকলোৰে মনোকামনা সিদ্ধি হয় ৷ শ্ৰীকৃষ্ণই ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই শ্ৰীকৃষ্ণক ‘জগতবন্ধুবিধু’ বুলি কোৱা হয় । চন্দ্ৰই যেনেদৰে জগতৰ অন্ধকাৰ হৰণ কৰে, তেনেদৰে ভগবানেও দৈস্যু দানৱসকলক বধ কৰি জগতৰ পাপ হৰণ কৰি সকলোৰে মঙ্গল সাধন কৰি আহিছে । পীতবস্ত্ৰ পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাই বুলি উল্লেখ কৰি ভগৱানৰ চৰণ কমলত সেৱা জনাইগুৰুজনাই নিজৰ নামেৰে ভণিতা পেলাই বৰগীতটি সামৰণি মাৰিছে ৷


২। বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা ৷

উত্তৰ: বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা, পৰম মঙ্গলময় ৰূপ আৰু ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে । ভগৱান শ্ৰীকৃষ্ণ এই জগতৰ ত্ৰাণকৰ্তা । তেওঁৰ নাম স্মৰণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পৱিত্ৰ হয় আৰু উদ্ধাৰ হয় । তেওঁ প্ৰলয় জলত মৎস্য অৱতাৰ লৈ বেদমূহক উদ্ধাৰ কৰিছিল । দীন-দুখীয়া আৰু অভাগাৰ প্ৰতি তেওঁৰ কৰুণা অপাৰ । শ্ৰীকৃষ্ণই ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই শ্ৰীকৃষ্ণক ‘জগতবন্ধুবিধু’ বুলি কোৱা হয় । চন্দ্ৰই যেনেদৰে জগতৰ অন্ধকাৰ হৰণ কৰে, তেনেদৰে ভগবানেও দৈস্যু দানৱসকলক বধ কৰি জগতৰ পাপ হৰণ কৰি সকলোৰে মঙ্গল সাধন কৰি আহিছে । শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলোৱা সেই মংগলময় মূৰুতি শ্ৰীকৃষ্ণৰ চৰণত কবিয়ে প্ৰণিপাত জনাইছে ৷


৩। বৰগীতটিৰ শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা ৷

উত্তৰ: বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ অপৰূপ অৱয়বৰ বৰ্ণনা কৰা হৈছে ৷ শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যক শৰতৰ জোনৰ লগত তুলনা কৰিছে ৷' শাৰদ ইন্দু নিন্দি’ বুলি উল্লেখ কৰি কবিয়ে কৈছে যে, পীতাম্বৰৰ সৌন্দৰ্য মাধুৰীৰ ওচৰত শৰতৰ জোনৰ সৌন্দৰ্যও ম্লান পৰি গৈছে ৷ এনেদৰে কবিয়ে অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা কৃষ্ণৰ অপৰূপ শাৰীৰিক সৌন্দৰ্যৰ প্ৰশস্তি কৰিছে ৷


৪। বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰা ৷

উত্তৰ: সাধাৰণতে কবিতা এটাৰ ভাৱ, ভাষা, ছন্দ, অলংকাৰ, ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দৰ্য প্ৰকাশিত হয় ৷ শ্ৰীমন্ত শঙ্কৰদেৱ ৰচিত ' জয় জয় যাদৱ জলনিধিজা' বৰগীতটি এটা বেদ-উপনিষদৰ মৰ্মাৰ্থপূৰ্ণ ভক্তিমূলক গীত ৷ গীতটো আশোৱাৰী ৰাগত বন্ধা ৷ বিষয়বস্তুৰ মহত্ত্ব, সুৰৰ গাম্ভীৰ্য, ভক্তি ভাৱৰ প্ৰকাশ আদি বৈশিষ্ট্যই কবিতাটিক অনন্য সৌষ্ঠৱ দান কৰিছে ৷ বৰগীতটিত ব্যৱহৃত ভাষা হৈছে ব্ৰজাৱলী ৷ কিন্তু শ্ৰীমন্ত শঙ্কৰদেৱৰ সংস্কৃত ভাষাত থকা গভীৰ দখলে বৰগীতটিৰ সৌন্দৰ্য দুগুণ চৰাইছে ৷ অলংকাৰ প্ৰয়োগেও বৰগীতটোক বিশেষ মাত্ৰ প্ৰদান কৰিছে ৷ যেনে- 'জগত বন্ধুবিধু মাধৱ মধুৰিপু মধুৰ মূৰুতি মুৰনাশী' ৷ তেনেদৰে কবিয়ে বৰগীতটোত শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে ৷



৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ


ক) জগজনজীৱন অজন জনাৰ্দন দনুজদমন দুখহাৰী৷

      মহদানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী ।।

উত্তৰ: উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি  '' সাহিত্য সৌৰভৰ '' অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ  বিৰচিত "জয় জয় যাদৱ জলনিধিজা " নামৰ বৰগীতটিৰ পৰা দাঙি ধৰা হৈছে ।


ভগৱান শ্ৰীকৃষ্ণৰ ৰূপৰ বৰ্ণনা কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে ৷ ভগৱান শ্ৰীকৃষ্ণ সমস্ত চৰাচৰৰ অধিপতি, জগতৰ সকলোৰে জীৱন স্বৰূপ ৷ সেই ভগৱন্তই সকলোকে পালন কৰি থকাৰ উপৰিও পৃথিৱীৰ পৰা দুষ্কৃতিক নাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰে ৷ তেওঁৰ নাম স্মৰণে জগতৰ সকলো দুখ দূৰ কৰে৷নন্দৰ পুত্ৰৰূপে ধৰাত জন্ম গ্ৰহণ কৰা ভগৱন্ত জগতৰ পৰম আনন্দ স্বৰূপ ৷ তেওঁৰ অপাৰ মহিমাই সকলো পাপ নাশ কৰে আৰু জগতত শান্তি প্ৰৱাহিত কৰে ৷

No comments:

Post a Comment