H.S. 2nd Year Pre Test Examination 2024
Subject: GEOGRAPHY
Total marks: 70
Pass Marks: 21
Time: 3 hrs.
The figures in the margin indicate full marks
for the questions
1. Answer the following questions (Any Ten) 1×10=10
তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা (যিকোনো দহটা)
(a) What is UNDP ?
UNDP কি ?
(b) What is pollutant ?
প্রদূষক কি ?
(c) What is foot loose industry ?
চলন্ত শিল্প উদ্যোগ কি ?
(d) What is Current Fallow land ?
সাময়িক পতিত ভূমি কি ?
(e) What is the geographical extension of Assam ?
অসমৰ ভৌগোলিক বিস্তৃতি কিমান ?
(f) Who is the father of human geography ?
মানৱ ভূগোলৰ পিতৃ কোন ?
(g) What is the main objective of NITI Aayog ?
NITI আয়োগৰ প্ৰধান উদ্দেশ্য কি ?
(h) Name two Rabi crops grown in India.
ভাৰতত হোৱা দুবিধ ৰবি শস্যৰ নাম লিখা।
(i) Who gave the concept of Human Development ?
মানব উন্নয়নৰ ধাৰণাটো কোনে আগবঢ়াইছিল ?
(j) The people engaged in secondary activities are called ________ workers.
দ্বিতীয়ক বৃত্তিত জড়িত লোকসকলক ________ বোলে।
(k) What is the total percentage of urban population of India according
to 2011 census ?
2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত কিমান শতাংশ নগৰীয়া জনসংখ্যা আছে ?
(l) Name the state of India having the lowest female literacy as per
2011 Census ?
2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যত মহিলাৰ সাক্ষৰতাৰ হাৰ নিম্ন ?
2. Answer the following questions (Any Twelve) 2×12=24
তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা (যিকোনো বাৰটা)
(a) Define sustainable development.
বহনক্ষম উন্নয়নৰ সংজ্ঞা দিয়া।
(b) Define Population Composition.
জনসংখ্যা গঠনৰ সংজ্ঞা দিয়া।
(c) Define Cropping Intensity.
কৃষিকার্যৰ প্রাৱল্যতাৰ সংজ্ঞা দিয়া।
(d) Name two tributaries of Barak river.
বৰাক নদীৰ দুখন উপনৈৰ নাম লিখা।
(e) Define Common Property Resources.
উমৈহতীয়া সম্পদৰ সংজ্ঞা দিয়া।
(f) Name two pillars of human development.
মানব উন্নয়নৰ দুটা স্তম্ভৰ নাম লিখা।
(g) Mention two problems of Indian agriculture.
ভাৰতীয় কৃষিৰ দুটা সমস্যা উল্লেখ কৰা।
(h) Give two examples of tertiary activities.
তৃতীয়ক বৃত্তিৰ দুটা উদাহৰণ দিয়া।
(i) How does population density calculate ?
জনসংখ্যাৰ ঘনত্ব কেনেদৰে নিৰ্ণয় কৰা হয় ?
(j) Distinguish between growth and development.
বৃদ্ধি আৰু উন্নয়নৰ মাজত থকা পার্থক্য সমূহ কি কি ?
(k) Mention two characteristics of wind energy.
বতাহ শক্তিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
(l) Define node and link of transport network.
যাতায়ত ব্যৱস্থাৰ কেন্দ্ৰ আৰু সংযোগৰ সংজ্ঞা দিয়া।
(m) Mention two locational factors of industry.
উদ্যোগ স্থাপনৰ প্রধান দুটা কাৰকৰ নাম উল্লেখ কৰা।
3. Answer the following questions (Any Seven) 3×7=21
তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা (যিকোনো সাতটা)
(a) Write a short note on Karbi Plateau.
কার্বি মালভূমিৰ বিষয়ে চমুটোকা লিখা।
(b) Why is the sugar industry a seasonal industry ?
চেনি উদ্যোগক কিয় ঋতুভিত্তিক উদ্যোগ বুলি কোৱা হয় ?
(c) Briefly explain the social consequences of migration in India.
ভাৰতবৰ্ষত প্ৰব্ৰজনৰ সামাজিক পৰিণতি চমুকৈ ব্যাখ্যা কৰা।
(d) What are the three main dimensions of Industrial Policy of 1991 ?
1991 চনৰ ঔদ্যোগিক নীতিৰ প্রধান তিনিটা দিশ উল্লেখ কৰা।
(e) Mention the causes of negative growth rate of population of India
in 1911-1921.
ভাৰতবৰ্ষৰ 1911-1921 চনৰ জনসংখ্যাৰ ঋণাত্মক বৃদ্ধিৰ প্ৰধান কাৰণসমূহ উল্লেখ কৰা।
(f) Classify countries of the world on the basis of human development
index.
মানব উন্নয়নৰ সূচকাংকৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ দেশসমূহৰ শ্ৰেণী বিভাজন কৰা।
(g) How science and technology helped population growth ?
বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই কেনেদৰে জনসংখ্যা বৃদ্ধিত সহায় কৰে।
(h) Classify Indian towns on the basis of dominant functions.
প্ৰকাৰ্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ নগৰসমূহক শ্রেণীবিভাজন কৰা।
(i) What are the main components of population growth ?
জনসংখ্যাৰ বৃদ্ধিৰ প্রধান উপাদানকেইটা কি কি ?
4. Answer the following questions (Any three) 3x5=15
তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা (যিকোনো তিনিটা)
(a) Describe the problems of slums in India.
ভাৰতবৰ্ষৰ বস্তি অঞ্চলৰ প্ৰধান সমস্যাসমূহ ব্যাখ্যা কৰা।
(b) What are metropolitan cities ? How they are different from urban
agglomeration ?
মেট্র'পলিটান মহানগৰ মানে কি ? ইয়াৰ লগত নগৰীপুঞ্জৰ পাৰ্থক্য কি ?
(c) Describe the rural-urban composition of the population.
জনসংখ্যাৰ গ্রাম্য- নগৰীয়া গঠনৰ ওপৰত আলোচনা কৰা।
(d) Give an account of the distribution of coal in India.
ভাৰতবৰ্ষত কয়লাৰ বিতৰণৰ ওপৰত এটি চমুটোকা লিখা।
(e) Briefly explain the Demographic Transition Model with a suitable diagram.
উপযুক্ত চিত্ৰৰ সহায়ত জনসংখ্যাৰ অৱস্থান্তৰ সূত্ৰটো চমুকৈ ব্যাখ্যা কৰা।
(f) What are the chief means of transportation in India ? Discuss the factors
affecting their development.
ভাৰতবৰ্ষত যাতায়তৰ প্রধান মাধ্যম কেইটা কি কি ? উক্ত মাধ্যম কেইটাত প্রভাৱ পেলোৱা
কাৰকসমূহ আলোচনা কৰা।
*************
No comments:
Post a Comment