6.1.21

My mother at sixty six class 12 in Assamese

My mother at sixty six class 12 in Assamese

My mother at sixty six class 12 in Assamese


My mother at sixty six class 12 in Assamese: My Mother at sixty six is a poem from class 12 NCERT English main text book Flamingo. My Mother at sixty six is written by poet Kamala Das. Here you'll get my mother at sixty six class 12 in Assamese.


My mother at sixty six কবিতাটো Kamala Das ৰ দ্বাৰা লিখা হৈছে। ইয়াত মই My mother at sixty six কবিতাটো অসমীয়াত উপস্থাপন কৰিবলৈ প্ৰচেষ্টা কৰিছো। 



My mother at sixty six summary in Assamese (Axomiyat mulvab) 

My mother at sixty six নামৰ কবিতাটোত এজনী জীয়াৰীৰ মাক বৃদ্ধা হৈ মৃত্যুৰ দুৱাৰডলিত উপস্থিত হোৱাৰ এক মৰ্মন্তদ বেদনাৰ হৃদয় বিদাৰক বৰ্ণনাৰ জৰিয়তে কবিতাটোত বিশ্বজনীন আৱেদন সৃষ্টি কৰা হৈছে ।


মাক - দেউতাকৰ ঘৰৰ পৰা ছয়ষষ্টী বছৰীয়া বৃদ্ধা মাকৰ লগত কবিয়ে মটৰগাড়ীত বহি কোচিন বিমান বন্দৰ অভিমুখে গৈ আছিল । কবিৰ মাকে চিলমিলীয়া টোপনি মাৰি গৈ আছিল । কবিয়ে তেওঁৰ মূখখন মৃতদেহৰ দৰে শেতা পৰাটো লক্ষ্য কৰিলে আৰু বেদনাপূৰ্ণ সত্যটো পুনৰবাৰ উপলব্ধি কৰিলে যে তেওঁৰ মাক অতি বৃদ্ধা হৈছে ।


এই দূখজনক দৃশ্যটোৰ পৰা তেওঁৰ ভাৱনাক স্থানান্তৰিত কৰাৰ উদ্দেশ্যে তেওঁ বাহিৰৰ বিপৰীত দিশত দৌৰি থকা সেউজীয়া গছ আৰু সৰু শিশুৱে তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহা দৃশ্য চাবলৈ চেষ্টা কৰিলে ।


কিন্তু বিমান বন্দৰত কবিয়ে আকৌ এবাৰ তেওঁৰ মাকৰ শেতা পৰা মূখখনলৈ চালে যিক শীতকালত দেৰিকৈ ওলোৱা চন্দ্ৰ দৰে দেখা গৈছিল । পুণৰ তেওঁৰ শিশুকালৰ ভয়টোৱে বেদনাপূৰ্ণভাৱে আমনি কৰিলে, যিটো আছিল মাকক হেৰুৱাৰ ভয় । তথাপিও সাহস প্ৰদৰ্শন কৰি কবিৰ মণৰ ভয়ক হাঁহিৰ আৰত লুকুৱাই, তেওঁ মাকক "তোমাক সোনকালেই দেখা পাম আম্মা" এই শব্দকেইটাৰে বিদায় সম্ভাষণ জনালে ।

প্ৰশ্নসমূহৰ উত্তৰৰ বাবে তলত দিয়া ছবিখন স্পৰ্শ কৰক

My mother at sixty six class 12 in Assamese


আশা কৰো আপুনি এই প্ৰচেষ্টাত সন্তুষ্ট, অনুগ্ৰহ কৰি মন্তব্য শাখাত লিখক, আপোনাৰ সহপাঠী, বন্ধুবৰ্গৰ সৈতে share কৰক লগতে আপোনাৰ বহু মূল্যৱান পৰামৰ্শ লিখিবলৈ নাপাহৰিব। ধন্যবাদ


1 comment: