Class 10 Assmese 1 unit test Questions Paper Solved Answers
Class 10 Assmese 1 unit test Questions Paper Solved Answers
১। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা
(ক) মাধৱদেৱ বিৰচিত বৰগীতৰ সংখ্যা কিমানটা ?
উত্তৰ : মাধৱদেৱ বিৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা ।
(খ) " সহস্র বয়নে যাৰ নপাৱস্ত সীমা" - হাজাৰ বৰ্ণনাৰে কাৰ বৰ্ণনা কৰি পাৰ পাব নোৱাৰি বুলি কোৱা হৈছে ?
উত্তৰ: সহস্র বয়নে যাৰ নপাৱস্ত সীমা" - হাজাৰ বৰ্ণনাৰে প্ৰভু শ্ৰী কৃষ্ণৰ বৰ্ণনা কৰি পাৰ পাব নোৱাৰি বুলি কোৱা হৈছে ।
(গ) তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিত কবিৰ কি ভাৱ প্ৰকাশ পাইছে ?
উত্তৰ: পাঠ্যপুথিত থকা বৰগীতটিত কবিৰ শাস্ত্ৰীয় ৰাগজুক্ত আৰু আধ্যাত্মিক ভাৱ প্ৰকাশ পাইছে ।
(ঘ) জিকিৰৰ ৰচক আজান ফকিৰ কোন দেশৰ পৰা অসমলৈ আহিছিল ?
উত্তৰ: জিকিৰৰ ৰচক আজান ফকিৰ আৰব দেশৰ পৰা অসমলৈ আহিছিল ।
(ঙ) 'সঁজাৰ মইনাটিৰ অনেক যুগুতি' - সঁজাৰ মইনা বুলি কিহক বুজোৱা হৈছে ?
উত্তৰ: সঁজাৰ মইনা বুলি মানুহৰ আত্মাক বুজোৱা হৈছে ।
২। বৰগীতৰ যিকোনো দুটা লক্ষণ লিখা ।
উত্তৰ: মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে বিৰচিত বৰগীতৰ কেতবােৰ সুকীয়া সুকীয় লক্ষণ আছে , যাৰবাবে এই গীত আন গীতৰ পৰা পৃথক । বৰগীতৰ তেনে লক্ষণ হল—
(ক) বৰগীতবােৰ ৰাগ – তালযুক্ত শাস্ত্রীয় গীত ।
(খ) বৰগীত কৃত্রিম ব্ৰজাৱলী ভাষাত ৰচিত ।
৩। পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত ।
খােদা ৰছুল লুকাই আছে , মােমিনৰ আঁৰত ৷।
............... তাৎপৰ্য বুজাই লিখা ।
উত্তৰ: উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি '' অসমীয়া সাহিত্য চয়নিকা '' অন্তৰ্গত আজান ফকিৰদৱে বিৰচিত "জিকিৰ " নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।
সংগতি: এই পদফাঁকিৰ জৰিয়তে আল্লা অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই কবলৈ বিচাৰিছে। সংসাৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাক বিচাৰি হাবাথুৰি খাই মৰে অথচ মানৱৰ হৃদয়তে যে আল্লা বিৰাজমান তাকে বুজাইছে ।
পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে , অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে । সেইদৰে জুইৰ যে উত্তাপ শক্তি আছে সেই কথা জুয়ে নাজানে । ঠিক একেদৰে আপােন হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায় । অর্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যােৱাৰ প্ৰয়ােজন নাই ।
৪ । শব্দৰ্থা লিখা ( যিকোনো চাৰিটা )
ছোড় , যাহাকু, তুমিসে, ৰহম, সঞ্চাৰ কুটুবতৰা,
উত্তৰ:
ছোড় - ছিঙি দিয়া
যাহাকু - যিজনক
ৰহম ― দয়া
সঞ্চাৰ - তলা , সচাৰ
৫ । চমু উত্তৰ দিয়া ( যিকোনো চাৰিটা )
(ক) লিখকৰ মতে গাঁওবোৰত কিহে ৰাজত্ব চলাইছে ?
উত্তৰ : লিখকৰ মতে গাঁওবোৰত অন্ধ্যবিশ্বাস আৰু কু-সংস্কাৰে ৰাজত্ব চলাইছে ।
(খ) Growth of the Asamiya Language গ্ৰন্থখনৰ ৰচক কোন ?
উত্তৰ : Growth of the Asamiya Language গ্ৰন্থখনৰ ৰচক হল - ডিম্বেশ্বৰ নেওগ ।
(ঙ) ছাত্ৰ সকলে ছাত্ৰ জীৱনৰ সময়ত কি বিষয়ৰ শিক্ষা শিকিব লাগে ?
উত্তৰ: ছাত্ৰ সকলে ছাত্ৰ জীৱনৰ সময়ত যিমান দূৰ পৰা যায় জ্ঞানকাৰী , অৰ্থকাৰী আৰু কাৰ্যকৰী শিক্ষা শিকিব লাগে ।
(চ) কোন যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যোগ কোৱা হয় ?
উত্তৰ: বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যোগ কোৱা হয় ।
৬ । ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হব লগে ?
উত্তৰ : ছাত্ৰসকল হৈছে এখন দেশৰ ভবিষ্যত । বৰ্তমান আমাৰ দেশৰ ছাত্ৰসকলে উন্নত দেশৰ ছাত্ৰ সকলৰ দৰে শিক্ষিত, বুদ্ধিজীৱী, জ্ঞানী আৰু কৰ্ম ক্ষেত্ৰত আগবঢ়া হব লাগিব । ছাত্ৰ সকলে ছাত্ৰ জীৱনৰ সময়ত যিমান দূৰ পৰা যায় জ্ঞানকাৰী, অৰ্থকাৰী আৰু কাৰ্যকৰী শিক্ষা দিব লাগে কিয়নো ছাত্ৰসকল পৰিপুষ্ট হলেহে দেশসেৱাত ব্ৰতী হব পাৰে । ছাত্ৰসকল আমাৰ দেশৰ ভবিষ্যতৰ আশা - ভৰষাৰ থল ।
৮ । তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা
(ক) অজন্তাৰ ছবিবোৰত দেখিবলৈ পোৱা দুটা ভাৱবস্তু কি কি ?
উত্তৰ : অজন্তাৰ ছবিবোৰত দেখিবলৈ পোৱা দুটা ভাৱবস্তু হল সন্যাস জীৱন আৰু আনটো হল সমূহীয়া জীৱন ।
(খ) বিলাত আদি দেশৰ ছাত্ৰসকলে সমাজ সেৱা কেনেদৰে কৰে বুলি লেখকে কৈছে ?
উত্তৰ: বিলাত আদি দেশৰ ছাত্ৰসকলে সহপাঠী দুখীয়া ছাত্ৰক সহায়ৰ ব্যবস্থা কৰে, দেশৰ কোনো নতুন আন্দোলন হলে তাতে পাৰ্য্যমানে নেতাসকলৰ লগত হাত উজান দিয়ে । এনেদৰে তেওঁলোকে সমাজ সেৱা কৰে বুলি লেখকে কৈছে ।
Please Subscribe my Youtube Channel
৯ । (ক) তিৱা সকলৰ যিকোনো বিশষ্ট্য ব্যক্তি দুজনৰ নাম লিখা ।
উত্তৰ : তিৱা সকলৰ বিশষ্ট্য ব্যক্তি দুজনৰ নাম হল ইন্দ্ৰচিং দেউৰী আৰু বলাইৰাম সেনাপতি ।
(খ) দেউৰীসকল সামাজিকভাবে কেইতা খেলত বিভক্ত আৰু কি কি ?
উত্তৰ:দেউৰী জনজাতিৰ লোকসকলক সামাজিকভাবে মুখ্যতঃ চাৰিটা গোট বা গোত্ৰত বিভক্ত কৰা হয়, যেনে ডিবংগিয়া, বৰগোৱা, টেঙ্গাপোনিয়া আৰু পাটৰ-গয়া।
(গ) বাবু ছবিলাল উপাধ্যায়ৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ: বাবু ছবিলাল উপাধ্যায়ৰ জন্ম হৈছিল ১৮৮২ চনৰ ১২ মে তাৰিখে ।
No comments:
Post a Comment