Amanda class 10 Poem Summary in Assamese HSLC SEBA
Amanda class 10 Poem Summary in Assamese HSLC SEBA: Amanda is the poem sixth from the class 10 English NCERT textbook. Here you can read Amanda class 10 Poem Summary in Assamese HSLC SEBA.
দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ আমাণ্ডা শীৰ্ষক কবিতাটি কবি ৰবিন ক্লেইনৰ দ্বাৰা ৰচিত । কবিতাটোত কবিয়ে আমাণ্ডা নামৰ এজনী সৰু ছোৱালীৰ বিষয়ে উল্লেখ কৰে । কবিয়ে আমাণ্ডাৰ কল্পনা, অসাধাৰণ সপোন, মেজাজি স্বভাৱ আৰু আচৰণ নিয়ত্ৰণ কৰিবলৈ তাইৰ পিতৃ মাতৃৰ দ্বাৰা কৰা চেষ্টা আৰু পৰামৰ্শৰ বিষয়ে বৰ্ননা কৰে ।
Amanda Class 10 Central Idea of the Poem in Assamese
'আমাণ্ডা' কবিতাটোৰ কেন্দ্ৰীয় ধাৰণাটো এজনী সৰু ছোৱালীৰ লালন-পালনৰ সৈতে সম্পৰ্কিত, কবিতাটোৱে এটা সৰু শিশুৱে সন্মুখীন হোৱা সংগ্ৰামৰ ওপৰত আলোকপাত কৰে।
কবিয়ে এটা গুৰুত্বপূৰ্ণ বিষয় আৰু বাৰ্তা প্ৰদান কৰাৰ প্ৰয়াস কৰে যে শিশুএটাক কেতিয়াও স্বাধীনতা আৰু কল্পনাৰ স্থানৰ পৰা বঞ্চিত কৰিব নালাগে ।
পিতৃ-মাতৃ সকলে তেওঁলোকৰ সন্তানৰ সঠিক লালন-পালনৰ বাবে দায়বদ্ধ কিন্তু একে সময়তে শিশু এটাক আৱদ্ধ অনুভৱ কৰাব নালাগে ।
তেওঁলোকৰ কল্পনাক স্থান দিয়া উচিত আৰু স্বাধীনতা হ্ৰাস কৰিব নালাগে। নিৰন্তৰ বিৰক্তিয়ে শিশুএটাক মেজাজী আৰু বিচলিত কৰিব পাৰে আৰু কেতিয়াবা ইয়াৰ ফলত সমস্যা হ'ব পাৰে।
Amanda Poem Summary in Assamese Class 10 Assamese Medium
কবিতাটোত আমাণ্ডা নামৰ এজনী ছোৱালী আৰু তাইৰ মাক-দেউতাকৰ মাজত কথোপকথন বৰ্ণনা কৰা হৈছে, সম্ভৱতঃ তাইৰ মাক, যি তাইৰ আচৰণৰ বাবে তাইক নিয়ন্ত্ৰণ কৰে ।
মাকে প্ৰথমে আমাণ্ডাক তাইৰ নখ কামোৰাৰ বাবে আৰু চিধা কৈ নবহাৰ বাবে আঙুলিয়াই দিয়ে । মাকে তাইক কান্ধ বেকা কৰি অতি অলস ভাৱে বহাৰ বাবেও সোঁৱৰাই দিয়ে ।
(তাৰ পিছত, আমাণ্ডাই নিজকে এগৰাকী জলপৰী হিচাপে কল্পনা কৰে যি সুন্দৰ শান্ত বিশাল সাগৰত আৰামদায়ক জীৱন যাপন কৰে। )
এইবাৰ মাকে আমাণ্ডাক তাইৰ গৃহকাৰ্য কৰিছেনে নাই প্ৰশ্ন কৰে লগতে তাইক তাইৰ কোঠা আৰু জোতা পৰিষ্কাৰ কৰিবলৈ সোঁৱৰাই দিয়ে ।
(মাক দেউতাকৰ দ্বাৰা কৰা নিৰন্তৰ নিয়ন্ত্ৰণত থকাৰ বাবে অতিষ্ঠ হৈ আমাণ্ডাই নিজকে অনাথ বুলি কল্পনা কৰে । আমাণ্ডাই ভাৱে যে তাই গলীয়ে গলিয়ে ঘূৰি ফুৰিব । তাই তাইৰ খালি ভৰিৰে কোমল ধূলি আৰু বালিৰ আৰ্হি প্ৰস্তুত কৰি শান্তিপূৰ্ণ জীৱন আৰু স্বাধীনতা উপভোগ কৰিব । )
তাৰ পিছত মাকে আমাণ্ডাক অত্যাধিক চকলেট নাখাবলৈ নিৰ্দেশ দিয়ে লগতে তাইক তাইৰ শাল মইনাৰ কথা মনত কৰাই দিয়ে । আৰু মাকৰ চকুত চকু ৰাখি কথা হবলৈ কয় ।
(তেতিয়া আমাণ্ডাক ৰাপুঞ্জেল হোৱাৰ কথা ভাৱে, ৰাপুঞ্জেল হল দীঘল সোণালী চুলি থকা এটা পৰীৰ চৰিত্ৰ । আমাণ্ডাই ৰাপুঞ্জেলৰ দৰে এটা ওখ টাৱাৰত অকলে বাস কৰিব বিচাৰে । কিয়নো তাই ভাৱে যে তাত তাইৰ জীৱনটো বোৰ শান্তিপূৰ্ণ হব । )
অৱশেষত, মাকে তাইক মেজাজী হোৱা বন্ধ কৰিবলৈ কয় কিয়নো আনে ভাবিব পাৰে যে মাকে ছোৱালী জনিক হাৰাশাস্তি কৰি আছে ।
সাৰাংশ আলোচনা কৰিলোঁ, আশা কৰিছোঁ তোমালোকে বুজি পালা ।বুজাত কিবা অসুবিধা হলে কমেন্ত কৰি সুধিবা । যদি এই শাৰী অনুসাৰে বেক্ষা আৰু প্ৰশ্নোত্তৰ আলোচনা কৰি ভীডীঅ বনাব লাগে কবা ।
The Hack Driver Summary in Assamese
No comments:
Post a Comment