18.12.22

The Hack Driver Summary in Assamese

The Hack Driver Summary in Assamese

The Hack Driver Summary in Assamese


The Hack Driver Summary in Assamese: The Hack Driver is written by American novelist Sinclair Lewis. Here you can avail The Hack Driver Summary in Assamese. 


The Hack Driver Summary in Assamese Class 10 Assamese Medium 

দ্য হেক ড্ৰাইভাৰৰ শীৰ্ষক কাহিনীটো আমেৰিকান ঔপন্যাসিক চিনক্লেয়াৰ লুইছ ৰ দ্বাৰা ৰচিত ।  কাহিনীটো দুজন ব্যক্তিৰ বিষয়ে । এজন যুৱ অধিবক্তা আৰু আনজন এজন ঘোঁৰা গাড়ী চালক ।

অলিভাৰ লুটকিন্স এজন ধূৰ্ত ব্যক্তি যাক এটা আইনী গোচৰত সাক্ষী হিচাপে প্ৰয়োজন হয় । কিন্তু তেওঁ আদালতত হাজিৰ হোৱাৰ সকলো অনুৰোধক উপেক্ষা কৰিছিল ।

অলিভাৰ লুটকিন্সক বিচাৰি উলিওৱাৰ দায়িত্ব অধিবক্তাজনক দিয়া হয় ।তেওঁ অলিভাৰ লুটকিন্সকৰ সন্ধানত নিউ মুলিয়নছত গৈ উপস্থিত হয় । তাত তেওঁ ঘোঁৰা গাড়ী চালকজনক লগ পায় যিয়ে নিজৰ পৰিচয় বিল মগ্নুচন বুলি কয় । ইয়াৰ পৰা কাহিনীটো আন এটা দিশে গতি কৰে । 


The Hack Driver Assamese Summary

যুৱকজনে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত চহৰৰ এখন প্রখ্যাত প্ৰতিষ্ঠানত সহকাৰী কেৰাণী হিচাপে কাম কৰিবলৈ লৈছিল । তেওঁক গোচৰৰ প্ৰতিনিধিত্ব কৰিবলৈ আদালতলৈ পঠিওৱা হোৱা নাছিল, তাৰ পৰিৱৰ্তে তেওঁক গোচৰত প্ৰয়োজন হোৱা সাক্ষী সকলক চমন প্ৰদান কৰাৰ দায়িত্ব দিয়া হৈছিল । 

তেওঁ এই কামটো সমূলি পচন্দ কৰা নাছিল । কাৰণ তেওঁ কেতিয়াবা লেতেৰা ঠাইলৈ গৈ চমন দিব লগা হৈছিল । আৰু কেতিয়াবা কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল । তেওঁ মাজে মাজে চহৰ এৰি গাঁৱলৈ গৈ এজন উকীল হোৱাৰ কথা ভাবিছিল ।

এদিন তেওঁৰ বাবে এটা নিৰ্দেশ আহিল যে তেওঁ চহৰৰ পৰা চল্লিশ মাইল দূৰত্বত অৱস্থিত নিউ মুলিয়নছত গৈ এটা গোচৰত মূল সাক্ষী হিচাপে প্ৰয়োজন হোৱা অলিভাৰ লুটকিন্স নামৰ ব্যক্তি এজনক বিচাৰি উলিয়াই চমন এখন দিব লাগে । 

তেওঁ বহুত সুখী হল, ভাবিলে যে নিউ মুলিয়নছ নিশ্চয় সুন্দৰ আৰু এখন মধুৰ গাওঁ হব । কিন্তু নিউ মুলিয়নছ উপস্থিত হোৱাৰ পিছত তেওঁৰ মন নিৰাশ হৈ উঠিল, কাৰণ গাঁওখন বৰ নিস্তেজ আৰু নিৰ্জীৱ যেন লাগিছিল ।

উকীলজনে নিউ মুলিয়নছত উপস্থিত হৈ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত এজন ঘোঁৰা গাড়ী চালকৰ সৈতে চিনাকি হয় । ঘোঁৰা গাড়ী চালকজনে নিজকে  বিল মগ্নোচন পৰিচয় দিয়ে । 

ঘোঁৰা গাড়ী চালকজনৰ সৈতে বন্ধুত্ব গঢ়ী উঠাৰ পিছত তেওঁ তেওঁৰ নিউ মুলিয়নছলৈ অহাৰ উদ্দেশ্যেৰ বিষয়ে জনাই । ঘোঁৰা গাড়ী চালকজনে উকীলজনক লুটকিন্সক বিচাৰি উলিওৱাৰ কামত সহায় কৰাৰ প্ৰস্তাৱ দিয়ে । এই কথাত উকীলজন আনন্দিত হৈ উঠে । 

ঘোঁৰা গাড়ী চালক জনে অলিভাৰ লুটকিন্সৰ বিষয়ে কয় যে লুটকিন্সক বিচাৰি উলিওৱাটো ইমান সহজ কাম নহয় সি ঠাই সলাই থাকে আৰু এজন চতুৰ ব্যক্তি । ঘোঁৰা গাড়ী চালকজনে কৌশলেৰে উকীল জনক লুটকিন্সৰ সন্ধানত বিভিন্ন ঠাইলৈ যাবলৈ বাধ্য কৰালে ।

তেওঁলোক দুয়োজনে ঘোঁৰা গাড়ীত উঠি লুটকিন্সৰ সন্ধানত যাত্ৰা আৰম্ভ কৰিলে । ঘোঁৰা গাড়ী চালকজনে উকীলজনক কলে যে তেওঁ নিজেই লুটকিন্সৰ বিষয়ে সোধা-পোছা কৰিব আৰু উকীলজনে তেওঁৰ পিছত থাকি সকলো বোৰ চাই থাকিব । নহলে উকীলজনক দেখাৰ লগে লগে লুটকিন্স পলাই যাব । 


The Hack Driver Class 10 Summary in Assamese

তেওঁলোকে প্ৰথমে ফ্ৰিটজৰ দোকানলৈ গল আৰু লুটকিন্সৰ বিষয়ে সোধ-পোছ কৰাত জানিবলৈ পালে যে লুটকিন্স আজি তেওঁৰ দোকানলৈ অহা নাই । সি নিশ্চয় গুষ্টাফা নাপিতৰ ওচৰলৈ গৈছে । 

এইবাৰ তেওঁলোকে গুষ্টাফা নাপিতৰ দোকান যায় গুষ্টাফা নাপিতক লুটকিন্সৰ বিষয়ে সোধাত তেওঁ কলে যে লুটকিন্স তেওঁৰ ওচৰলৈ অহা নাই । সি আনকি তেওঁৰ দোকানত বাকীয়ো কৰিছে, সেয়েহে সি নিশ্চয় গ্ৰে নাপিতৰ দোকানলৈ গৈছে ।

গ্ৰে নাপিতৰ দোকানলৈ গৈ জানিবলৈ পালে সি তাতো অহা নাই । এজন গ্ৰাহকে কলে যে তেওঁ লুটকিন্সক পোল ৰূম ফালে যোৱা দেখিছে । এইবাৰ তেওঁলোকে পোল ৰূম অভিমুখে যাত্ৰা কৰিলে ।

পোল ৰূমত উপস্থিত হৈ জানিবলৈ পালে যে লুটকিন্সয়ে সন্তেক আগতেই এক পেকেট চিগাৰেট কিনি বাহিৰলৈ ওলাই গল । 

এনেদৰে বিচাৰি থাকোঁতে দুপৰীয়া হল । উকীলজনে কলে যে তেওঁৰ ভুক লাগিছে হোটেলত গৈ কিবা খাদ্য খাব । এই কথাত ঘোঁৰা গাড়ী চালকজনে উকীল জনক কলে হোটেলবোৰ বহুত লেতেৰা আৰু খাদ্যও ভাল নহয় । 

তেওঁ পৰামৰ্শ দিয়ে তেওঁলোকে তেওঁৰ ঘৰলৈ যাব আৰু তেওঁৰ পত্নীৰ পৰা কম দামত ভাল খাদ্য কিনিলৈ ৱেড পাহাৰলৈ গৈ তাতে খাদ্য গ্ৰহণ কৰিব । ৱেড পাহাৰৰ মনোৰম দৃশ্য উপভোগ কৰি খাদ্য গ্ৰহণ কৰে । ঘোঁৰা গাড়ী চালকজনে তেওঁৰ কথাৰে উকীল জনক নিউ মুলিয়নছৰ প্ৰতি গৰাকী বাসিন্দাৰ সৈতে চিনাকি কৰাই ।

উকীলজনৰ ভাৱ হয় যে তেওঁ এদিনতে নিউ মুলিয়নছৰ বিষয়ে বহু খিনি তথ্য আহৰণ কৰিলে আৰু বিলৰ কথা আৰু ব্যৱহাৰত তেওঁ মোহিত হয় । 

এতিয়ালৈকে উকীলজন সম্পূৰ্ণ নিশ্চিত হৈ পৰিছিল যে বিল এজন উদাৰ আৰু সহায়কাৰী ব্যক্তি ।  আনকি তেওঁ চহৰৰ মানুহ আৰু গাঁৱৰ মানুহৰ তুলনা কৰিবলৈ আৰম্ভ কৰিলে ।  

তেওঁলোকে সেই দিনটোত শেষ বাৰৰ বাবে এবাৰ লুটকিন্সক বিচৰাৰ কথা ভাবিলে । লুটকিন্সৰ মাকৰ ঘৰলৈ গ’ল বিলে লুটকিন্সৰ মাকৰ বিষয়ে কলে যে তেওঁ এগৰাকী দৈত্য আৰু ওগ্ৰ মহিলা । 

তাতো তেঁওলোকে লুটকিন্সৰ সন্ধানত বিফল হল । অৱশেষত উকীলজনে লুটকিন্সক নিদিয়াকৈয়ে চহৰলৈ অভটি যাব লগা হল । উকীলজনে ভাবিছিল তেওঁ চহৰৰ চাকৰি এৰি আহি নিউ মুলিয়নছত ওকালতি অভ্যাস কৰাৰ কথা ভাবিলে । 

পিছদিনা তেওঁক প্ৰতিষ্ঠানৰ মুৰব্বীজনে বেয়াকৈ বকাবকি কৰিছিল আৰু লুটকিন্সক চিনি পোৱা সহকৰ্মী এজনৰ সৈতে পুনৰ নিউ মুলিয়নছলৈ পঠিওৱা হৈছিল ।  

ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে যুৱ উকীলজনে সংগীজনক দূৰৰ পৰা বিলৰ পিনে আঙুলিয়াই দি কলে সেই সদাখয় ব্যক্তিজনে তেওঁক লুটকিন্সক সন্ধান কৰাত বহুত সহায় কৰিছিল । 

এইখিনিতে তেওঁৰ সহকৰ্মীয়ে ক’লে যে ঘোঁৰা গাড়ী চালকজন আন কোনো নহয়, তেওঁৱেই অলিভাৰ লুটকিন্স । উকীলজনে দেখিলে যে ঘোঁৰা গাড়ী চালকজন আৰু দৈত্য মহিলা গৰাকী দুয়ো হাঁহি ধেমালি কৰি কথা হৈ আছে । উকীলজনে লুটকিন্সক চমন খন দিয়াৰ সময়ত নিজকে লাজ অনুভৱ কৰিলে ।





 










 

No comments:

Post a Comment