21.12.22

Assamese Common Essay for HSLC 2023

Assamese Common Essay for HSLC 2023

Assamese Common Essay for HSLC 2023


Assamese Common Essay for HSLC 2023: In this article you can avail Assamese Common Essay for upcoming SEBA HSLC 2023.



What is an Essay | ৰচনা কাক বোলে 

কোনো এটা বিষয়বস্তুৰ ওপৰত লেখা বাক্যৰ সমষ্টিকে ৰচনা বোলে । ৰচনা হল লেখকৰ নিজা যুক্তি সনিবিষ্ট এটা লেখা । 

Please Subscribe my Youtube channel



Body of an Essay | ৰচনাৰ লেখাৰ বিভিন্ন ভাগ 

ৰচনাৰ প্ৰধান ভাগ তিনিটা


(a) Introduction (সূচনা) ইয়াত বিষয়বস্তুৰ অবতাৰণা প্ৰকাশ কৰিব লাগে । 


(b) Discussion (আলোচনা) ৰচনা লেখকে বিষয়বস্তুৰ গুণাগু উপকাৰিতা, অপকাৰিতাৰ আলোচনা কৰি তাৰ ওপৰত নিৰ দৃষ্টিভঙ্গী আদি এই অংশত প্ৰকাশ কৰিব পাৰে।


(c) Conclusion ( সামৰণি ) এই অংশত লেখকে চমুকৈ নিজৰ মন্তব্য আদি প্ৰকাশ কৰি সামৰণি মাৰিব লাগে ।



Types of Essay | ৰচনাৰ প্ৰকাৰ

সাধাৰণতে ৰচনা তিনি প্ৰকাৰৰ 


✓ বৰ্ননা মূলক ৰচনা (Descriptive Essay)

✓ বৃতান্ত মূলক ৰচনা (Narrative Essay)

✓ চিন্তামূলক ৰচনা (Reflective Essay)


মেট্ৰিক পৰীক্ষাত ৰচনা লেখাত আঠ নম্বৰ আৰু উচ্চতৰ মাধ্যমিকত দহ নম্বৰ মূল্যায়িত কৰা হয় । 


আজিৰ লেখাত আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে দহ খন অতি গুৰুতৰ আৰু দৰকাৰী অসমীয়া ৰচনাৰ বিষয়ে আলোচনা কৰিম । 



How to write a good essay | ৰচনা কেনেকৈ লিখিব লাগে 

ৰচনা লেখাটো অভ্যাস সাপেক্ষে উন্নত হয় । তথাপিও কেইটি মান নিয়ম মানি চলিলে ৰচনা লেখাটো সহজ হৈ পৰে । 


ৰচনা লেখোতে মানি চলিবলগীয়া নিয়ম কেইটি হল 


১. যি বিষয়ৰ ওপৰত ৰচনা লিখিবলৈ দিয়া হয় তাৰ ওপৰত স্পষ্ট আৰু পৰিষ্কাৰ ধাৰণা থকাটো দৰকাৰ । 

২.  ৰচনা খনৰ মূলভাৱ বোৰ জুকিয়াই লৈ এটা থুল মূল ধাৰণা গঠন কৰি লব লাগে ।

৩. প্ৰতিটো পইন্টক চুটি চুটি পেৰাগ্ৰাফত লিখিব লাগে । 

৪. ৰচনাৰ আৰম্ভণি আৰু সামৰণিত বৰ্ণিত বিষয়ৰ ওপৰত এটি চমু মন্ত্যব বা সাৰাংশ দিব লাগে । 

৫. ৰচনাৰ ভাষা সহজ সৰল আৰু প্ৰাঞ্জল হোৱা দৰকাৰ ।

৬. ব্যাকৰণগত ভুলৰ প্ৰতি সচেষ্ট হব লাগে । 



Important Assamese Essay HSLC 2023

বলা এতিয়া ৰচনাৰ তালিকা খন জানি লোৱা


১. পুথিভঁৰাল 

২. ছাত্ৰৰ কৰ্তব্য 

৩. অসমৰ কুটিৰ শিল্প

৪. অসমৰ লোক সংস্কৃতি 

৫. দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ

৬. তোমাৰ বিদ্যালয়ৰ বটা বিতৰণী সভা

৭. পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ

৮. সামাজিক মাধ্যম আৰু যুৱ-প্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱ 

৯. বীৰ লাচিত বৰফুকন 

১০. অসম আৰু ইয়াৰ ভোগৌলিক সংকেত  


ওপৰত উল্লেখিত ৰচনা কেইখন তোমালোকে ভালদৰে চাবা । যদি অতিৰিক্ত সময় হয় ইয়াৰ ওপৰিও আন বিষয়ত ৰচনা চাবা । 


এই লেখাটোৰ বিষয়ে নিজৰ মতামত দিবা । লেখাটি শেষলৈ পঢ়াৰ বাবে ধন্যবাদ । 


কভিড ১৯ ৰচনা







No comments:

Post a Comment