The Tiger King Summary in Assamese HS 2nd Year English
The Tiger King Summary in Assamese HS 2nd Year English: The Tiger King is written by Kalki, Here you will get to read The Tiger King Summary in Assamese HS 2nd Year English.
The Tiger King Assamese Summary HS 2nd Year English
The Tiger King শীৰ্ষক কাহিনীটো সেই সময়ৰ ক্ষমতাত থকা লোক সকলৰ বিশেষকৈ ৰজা সকলৰ অহংকাৰ আৰু স্বাভিমানৰ ওপৰত এক ৰাজনৈতিক ব্যংগ ৰচনা ।
কাহিনীটোৰ মাধ্যমেৰে লিখকে আমাক ৰজাই শাসন কৰা দিনবোৰলৈ লৈ যায় । লিখকে আমোদজনক মন্তব্যৰ জৰিয়তে প্ৰতিবন্দপুৰমৰ মহাৰাজ জিলানি জং জং বাহাদুৰ যাক জনপ্ৰিয় ভাৱে বাঘ ৰজা বুলি জনা গৈছিল তেওঁৰ সৈতে চিনাকী কৰাই ।
ইংৰাজৰ বুঢ়া আঙুলিৰ শাসনৰ অধীনত ৰাজত্ব কৰা শাসকজনে জনসাধাৰণৰ সেৱা কৰিবলৈ আগ্ৰহী নাছিল তাৰ পৰবৰ্তে তেওঁ জ্যোতিষীয়ে কৰা ভৱিষ্যতবাণীক ভুল প্ৰমাণ কৰিবলৈ আৰু নিজৰ ভাগ্যক সলনি কৰাৰ উদ্দেশ্যৰে এশ টা বাঘ হত্যা কৰাৰ সংকল্প হৈছিল ।
শেষত কি হয় এই বিষয়ে জানিবলৈ এই পাঠটিৰ সাৰাংশটো বুজি লোৱা ।
The Tiger King Summary in Assamese Class 12 English
এই কাহিনীৰ নয়ক জন হল প্ৰতিবন্দপুৰমৰ মহাৰাজ জিলানি জং জং বাহাদুৰ । তেওঁ এনেই বিভিন্ন নামেৰে জনাজাত কিন্তু বাঘ ৰজা অৰ্থাৎ Tiger king বুলি সুপৰিচিত ।
তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে, কিন্তু তেওঁৰ মৃত্যুৰ ধৰণ কৰণ বৰ্ণনা কৰিবৰ বাবে লিখকে ৰজাৰ জন্ম হোৱা দিনৰ পৰা আৰম্ভ কৰিছে । তেওঁৰ জন্মৰ লগে লগে ৰাজ্য খনৰ প্ৰধান জ্যোতিষীয়ে এটা ভৱিষ্যতবাণী কৰিলে যে ৰাজকুমাৰৰ এদিন মৃত্যু হব ।
এই বাণী শুনি সকলোকে আচৰিত কৰি দহদিনীয়া নৱজাতক ৰাজকুমাৰে এক আচৰিত খণ্ডবাক্য উচ্চাৰণ কৰিলে -
"হে বুদ্ধিমান"
এই কথা শুনি তাত উপস্থিত থকা সকলোৱে আচৰিত হয় ইজনে সিজনৰ পিনে চালে । ৰাজ কুমাৰে কলে -
"হে বুদ্ধিমান সৰবজান" কথা কৈ থকাজন ময়েই ।
প্ৰধান জ্যোতিষী জনে নিজৰ চছমাযোৰ সুলি নৱজাতক ৰাজ কুমাৰৰ পিনে চালে ।
ৰাজকুমাৰে কয়, জন্ম লোৱা সকলোৰেই এদিন মৃত্যু হব । জ্যোতিষীজনক তেওঁৰ মৃত্যুৰ কাৰণ সুধিলে । ৰাজকুমাৰ জনৰ বুদ্ধি মত্তাত প্ৰধান জ্যোতিষীজন আচৰিত হৈ নিজৰ হাতৰ আঙুলি নাকত লগালে ।
ৰাজ কুমাৰৰ প্ৰশ্নৰ উত্তৰত জ্যোতিষীজনে বাখ্যা কৰে - ৰাজকুমাৰৰ জন্ম ষাঁড়ৰ সময় চক্ৰত হৈছিল । যিহেতু ষাঁড় আৰু বাঘ শত্ৰু, গতিকে তেওঁৰ মৃত্যু, বাঘৰ দ্বাৰাই আগমন হব ।
ৰাজকুমাৰে তেওঁৰ মৃত্যুৰ কাৰণ জানিবলৈ পায় বাঘ সকলক উদ্দেশ্যি সতৰ্ক বাণী উচ্চাৰণ কৰিলে -
"বাঘ সকল সাৱধান হোৱা !”
এই ঘটনাটো প্ৰতিবন্দপুৰমত প্ৰচাৰ হল । লিখকে কয় যে এইটো হয়টো এটা উৰা বাতৰি হব পাৰে । কিন্তু, কাহিনীটোৰ পিছৰ খিনিৰ ইয়াৰ সৈতে মিল খোৱা ধৰণৰ ।
ৰাজ কুমাৰ দিনে দিনে ওখ আৰু শক্তিশালী হৈ বাঢ়িবলৈ ললে । তেওঁ ইংৰাজ গাই গৰুৰ গাখীৰ খাইছিল । ইংৰাজ ধাত্ৰীয়ে লালন পালন কৰিছিল । এজন ইংৰাজ শিক্ষকৰ দ্বাৰা পাঠ দান কৰা হৈছিল । আৰু ইংৰাজী চিনেমাৰ বাহিৰে অইন ভাষাৰ চিনেমা চোৱা নাছিল ।
ক্ৰমান্বয়ে তেওঁৰ বিশ বছৰ বয়স হল । তেওঁ সেই সময়তেই ৰাজ্য ভাৰ গ্ৰহণ কৰিলে । কিন্তু তেওঁ, প্ৰধান জ্যোতিষীজনে কৰা ভৱিষ্যত বাণীটো পাহৰি যোৱা নাছিল । তেওঁ ৰাজ্য ভাৰ গ্ৰহণ কৰাৰ পিছত জনসাধাৰণৰ সেৱা কৰাৰ পৰিবৰ্তে জ্যোতিষীজনৰ ভৱিষ্যত বাণীক ভুল প্ৰমাণিত কৰাৰ লগতে বাঘৰ পৰা আত্মৰক্ষাৰ বাবে বাঘক হত্যা কৰিবলৈ পৰিকল্পনা কৰিলে ।
প্ৰতিবন্দপুৰম ৰাজ্যৰ বহু অৰণ্য আছিল তাত বাঘও আছিল । সংকল্প মতেই মহাৰাজে বাঘ চিকাৰ কৰিবলৈ আৰম্ভ কৰিলে । প্ৰথম বাঘক হত্যা কৰাৰ সময়ত মহাৰাজে ৰোমাঞ্চিত হৈ পৰিছিল । তেওঁ প্ৰধান জ্যোতিষী জনক মাতি পঠালে।
জ্যোতিষী জনে মহাৰাজক কয়, মহাৰাজ, আপুনি ঠিক একে ধৰণেৰে ৯৯ টা বাঘ হত্যা কৰিব পাৰে, কিন্তু শততম বাঘটোৰ পৰা আপুনি সাৱধান হোৱা উচিত ।
মহাৰাজে জ্যোতিষীজনক সুধিলে - যদি মই শততম বাঘক সফলতাৰে হত্যা কৰো ?
জ্যোতিষী জনে কলে - তেন্তে মই মোৰ টিকনি কাটি পেলাম, জ্যোতিষশাস্ত্ৰৰ ওপৰত সকলো পুথি পুৰি পেলাম আৰু এজন জীৱন বীমা এজেণ্ট হম ।
তাৰ পিছত মহাৰাজে ঘোষণা কৰিলে শততম বাঘটোক হত্যা কৰাৰ পিছত হে ৰাজ্য ভাৰ চম্ভালিব । মহৰাজে এটাৰ পিছত এটা বাঘ হত্যা কৰি গৈ আছে ৰাজ্যখনত ক্ৰমান্নয়ে বাঘৰ সংখ্যা কমি আহিল ।
এইবাৰ মহৰাজে নিষেধাজ্ঞা আৰোপ কৰিলে যে তেওঁৰ বাহিৰে আন কোনোৱে তেওঁৰ ৰাজ্যত বাঘ চিকাৰ কৰিব নোৱাৰিব ।
দহ বছৰৰ ভিতৰত তেওঁ ৭০ টা বাঘ হত্যা কৰিবলৈ সক্ষম হল । এইটো কৰাৰ সময়ত মহাৰাজে বহু বিপদৰ সন্মুখীন হব লগা হৈছিল । কেতিয়াবা মহাৰাজৰ বন্দুকৰ পৰা ওলোৱা গুলীটোৱে বাঘৰ শৰীৰত লগা নাছিল । যেতিয়া বাঘে মহাৰাজক উলোটাই আক্ৰমণ কৰিছিল মহাৰাজে সালি হাতেৰে জন্তুটোৰ লগত যুঁজ দিছিল আৰু প্ৰতিবাৰেই মহাৰাজেই জয়ী হৈছিল ।
এক আকস্মিক বাধাই মহাৰাজৰ লক্ষ্য সম্পূৰ্ণ কৰাত বাধা দিলে । প্ৰতিবন্দপুৰমৰ অৰণ্য বোৰত বাঘৰ সংখ্যা নাইকীয়া হল ।
বাঘে জন্ম নিয়ন্ত্ৰণ কৰিছিল নে মহাৰাজৰ ভয়তে বাঘে আত্মহত্যা কৰিছিল সেয়া কোনেও নাজানিছিল । নে ৰাজ্যৰ পৰা পলাই গৈছিল, কাৰণ সিহঁতে হয়টো বিচাৰিছিল যে এক মাত্ৰ ইংৰাজৰ হাততহে সিহঁতৰ বধ হওক ।
এদিন মহাৰাজে দেৱান জনক মাতি পঠিয়ালে দেৱানৰ ফালে বন্দুক দেখুৱাই মহাৰাজে সুধিলে -
দেৱান চাহাব আপুনি জানেনে এতিয়াও ত্ৰিশ টা বাঘ হত্যা কৰিবলৈ বাকী আছে ।
বন্দুক দেখি ভয়তে দেৱান জনে কলে, মহাৰাজ, মই বাঘ নহয় ।
মহাৰাজে কলে, মই আপোনাক এটা বিশেষ উদ্দেশ্যতহে মতিছো । মই, বিয়া কৰাবলৈ মন মেলিছো ।
বিয়াৰ কথা শুনি দেৱান জনে কলে, মহাৰাজ মই বিবাহিত, মোৰ ইতিমধ্যে দুগৰাকী পত্নী আছে ।
মহাৰাজে ধমক দি কলে মই আপোনাৰ সৈতে নহয়, মই বাঘ বিচাৰো .........
দেৱানৰ আউল লাগিল, দেৱান জনে অলপ ভাবি কলে -
মহাৰাজ, আপোনাৰ পূৰ্ব পুৰুষ সকলে তৰোৱালৰ লগত বিয়া পাতিছিল । আপুনি যদি বিচাৰে বন্দুকটোৰ লগতে বিয়া হওক । এইখন ৰাজ্যৰ বাবে এজন বাঘ ৰজাই যথেষ্ট, বাঘ ৰাণীৰ কোনো প্ৰয়োজন নাই ।
দেৱানৰ কথাত মহাৰাজৰ হাঁহি উঠিল । মহাৰাজে কলে, মই বন্দুক বা বাঘৰ সৈতে বিয়া নাপাতো, মই মানৱ প্ৰজাতিৰ লগতেই বিয়া পাতিম ।
কিন্তু চৰ্ত আছে,
আপুনি ওচৰ চুবুৰীয়া ৰাজ্যত খবৰ কৰক আৰু সেই ৰাজ্যত বৃহৎ সংখ্যক বাঘ আৰু কোনো যুৱতী আছে নেকি ? যাক মই বিয়া কৰাব পাৰো ।
মহাৰাজৰ আদেশ মতেই দেৱানজনে বৃহৎ সংখ্যক বাঘ থকা ৰাজ্য এখনৰ পৰা উপযুক্ত ছোৱালী এজনী বিচাৰি পালে । মহাৰাজে শহুৰেকৰ ঘৰলৈ যায় আৰু প্ৰতিবাৰেই পাঁচ-ছটা বাঘ হত্যা কৰিছিল । এইদৰে প্ৰতিবন্দপুৰম ৰাজপ্ৰসাদৰ অভ্যৰ্থনা ভৱনৰ বেৰত ৯৯ টা বাঘৰ ছালে শোভা পালে ।
এবাৰ মহাৰাজৰ সিংহাসন হেৰুৱাৰ বিপদ হৈছিল । এজন উচ্চ পদস্থ ব্ৰিটিছ বিষয়া প্ৰতিবন্দপুৰম ভ্ৰমণ কৰিবলৈ আহিল । তেওঁ বাঘ চিকাৰ কৰিব বিচাৰিলে । কিন্তু মহাৰাজে অনুমতি নিদিলে । কাৰণ তেওঁৰ বাঘ হত্যাৰ লক্ষ্য পূৰণ হোৱা নাছিল । মহাৰাজে ব্ৰিটিছ বিষয়া জনক কলে যে আপুনি যদি মন কৰে নিগনি বা মহ চিকাৰ কৰক কিন্তু বাঘ চিকাৰ কৰাৰ অনুমতি দিব নোৱাৰো ।
এই সন্দৰ্ভত ব্ৰিটিছ বিষয়াজনে কলে যে মহাৰাজে বাঘ চিকাৰ কৰিব কিন্তু, সেই বাঘৰ সৈতে বিষয়া জনে ফটো উঠিব । মহাৰাজে এই কথাটো মান্তি নহল ।
যিহেতু তেওঁ এজন বৃটিছ বিষয়াক নিজৰ আশা পূৰণ কৰাত বাধা দিছিল মহাৰাজে ৰাজ্যভাৰ হেৰুওৱাৰ ভয়ত ভুগিছিল ।
এই বিষয়ক লৈ মহাৰাজে আৰু দেৱানৰ সৈতে আলোচনাত মিলিত হয় । ৰাজ্যভাৰ ৰক্ষা কৰাৰ বাবে মহাৰাজে বৃটিছ বিষয়া গৰাকীৰ পত্নীক দামী উপহাৰ দিয়াৰ উপাই ভাবিলে । কলকটাৰ এখন গহনাৰ দোকানৰ পৰা বিভিন্ন ডিজাইনৰ প্ৰায় ৫০ টা দামী হীৰাৰ আঙঠি পঠিওৱা হ’ল । মহাৰাজে ভাবিছিল যে এটা বা দুটা আঙঠি বাছি লৈ বাকীবোৰ ঘূৰাই পঠিয়াব । কিন্তু বিষয়াৰ পত্নীয়ে সকলোবোৰ ৰাখিছিল আৰু ধন্যবাদ পত্ৰ এখন পঠিয়াইছিল ।
কিছুদিনৰ পিছত কলকটাৰ পৰা তিনি লাখ টকাৰ ৰচিদ এখন আহিল । মহাৰাজ সুখী হৈছিল কাৰণ যদিও তিনি লাখ টকা হেৰুৱাইছিল, তথাপিও তেওঁ নিজৰ ৰাজ্য ৰক্ষা কৰিবলৈ সক্ষম হয় ।
এশৰ সংখ্যাত উপনীত হ’বলৈ মাত্ৰ এটা বাঘ মাৰিবলগীয়া হ’ল । কিন্তু নিজৰ ৰাজ্যত আৰু শহুৰেকৰ ৰাজ্যতো বাঘ নাইকীয়া হল । মহাৰাজ চিন্তিত হল ।
অলপ পিছতে তেওঁ এটা সুখৰ খবৰ পালে । নিজৰ ৰাজ্যত পাহাৰৰ ঢালৰ এখন গাঁৱৰ পৰা ভেড়াবোৰ সঘনাই নোহোৱা হ’বলৈ ধৰিলে । এইটো কাম নিশ্চয় বাঘৰে হব । প্ৰথমতে এই কথা নিশ্চত কৰা হল যে এই কাম খাদেৰ মিঞা চাহাব বা বিৰাছিমা নেইকাৰৰ কাম নহয়টো ? ইহঁত দুয়ো জনে একোটাকৈ ভেড়া খাব পাৰে বুলি জনা গৈছিল ।
এইটো নিশ্চত হোৱাৰ পিছত মহাৰাজে সেই গাঁৱবাসিক সকলো প্ৰকাৰৰ কৰৰ পৰা তিনি বছৰৰ বাবে ৰেহাই দিয়াৰ ঘোষণা কৰিলে ।
বাঘ চিকাৰ কৰিবলৈ গৈ বাঘটো বিচাৰি নোপোৱাত মহাৰাজ খঙতে অংগ্নিশৰ্মা হল । বহুতো বিষয়াই তেঁওলোকৰ চাকৰি হেৰালে আৰু গাঁৱবাসিৰ মাটিৰ খাজনা দুগুণ কৰিবলৈ আদেশ দিয়া হল ।
দেৱানে মহাৰাজক কলে - যদি ৰাইজ অসন্তুষ্ট হৈ পৰে তেতিয়া তেঁওলোকৰ ৰাজ্য "ভাৰতীয় জাতীয় কংগ্ৰেছৰ" চিকাৰ হ’ব ।
মহাৰাজে দেৱানক পদত্যাগ কৰিবলৈ ক’লে ।
দেৱানে চাকৰি হেৰুৱাৰ ভয়তে মাদ্ৰাছৰ পিপলছ পাৰ্কৰ পৰা এটা বাঘ আনি নিজৰ ঘৰতে লুকুৱাই ৰাখিলে ।
মাজনিশা চহৰখন শান্তিৰে শুই আছিল । দেৱানজন আৰু তেওঁৰ বৃদ্ধ পত্নীয়ে বুঢ়া বাঘটোক গাড়ীৰ ওচৰলৈ টানি আনি চিটত বহুৱাই দিলে । দেৱানজনে নিজেই গাড়ীখন চলাই পোনে পোনে মহাৰাজে চিকাৰ কৰি থকা হাবিলৈ লৈ গ’ল । সেই ঠাইত উপস্থিত হোৱাত বাঘটোৱে তাৰ সত্যাগ্ৰহ আৰম্ভ কৰিলে বাঘটোৱে গাড়ীৰ পৰা নামিবলৈ অমান্তি হল । কিবাকৈ বাঘটোক গাড়ীৰ পৰা নমালে ।
পিছদিনা বাঘটোৱে ঘূৰি পকি আহি মহাৰাজৰ ওচৰ পালেহি আৰু নম্ৰ ভাৱে প্ৰাৰ্থনা কৰাৰ ভংগীত থিয় দি থাকিল ।
অসীম আনন্দৰে মহাৰাজে সাৱধানে বাঘটোক লক্ষ্য কৰি ল’লে । বন্দুকৰ পৰা গুলীটো ওলোৱাৰ লগে লগে বাঘটো থিতাতে ঢলি পৰিল । মহাৰাজৰ আনন্দৰ সীমা নোহোৱা হল মই শততম বাঘটো হত্যা কৰিলোঁ মোৰ প্ৰতিজ্ঞা পূৰ্ণ হল ।
বাঘটোক বৃহৎ শোভাযাত্ৰাত ৰাজধানীলৈ অনাৰ নিৰ্দেশ দি মহাৰাজে নিজৰ গাড়ীত উঠি গুচি গ’ল ।
মহাৰাজ যোৱাৰ পাছত চিকাৰীসকলে বাঘটো ভালদৰে চাবলৈ গ’ল । বাঘটোৱে আতংকিত হৈ চকু ঘূৰাই সিহঁতৰ পিনে চালে । চিকাৰীসকলে বুজি পালে যে বাঘটো মৰা নাই সি মাত্ৰ ভয়তে অজ্ঞান হৈ পৰিছিল ।
এজন চিকাৰীয়ে এফুট দূৰত্বৰ পৰা লক্ষ্য কৰি বাঘটোক গুলীয়াই হত্যা কৰে । মৃত বাঘটোক শোভাযাত্ৰা কৰি চহৰখনৰ মাজেৰে লৈ গৈ সমাধিস্থ কৰা হয় ।
কিছুদিন পিছত মহাৰাজৰ পুত্ৰৰ তৃতীয় জন্মদিন উদযাপন কৰা হয় । জন্মদিনত পুত্ৰক কিবা এটা বিশেষ উপহাৰ দিয়াৰ কথা ভাবিলে ।
খেলনাৰ দোকান এখনত কাঠৰ বাঘ এটা দেখা পাই ভাবিলে যে সেইটোৱেই উপযুক্ত উপহাৰ হব । কাঠৰ বাঘটোৰ দাম মাত্ৰ আঢ়ৈ অনা । দোকানীজনে ভাবিলে যদি কম দাম কয় মহাৰাজে দণ্ড দিব ।
দোকানীজনে কলে মহাৰাজ, এইটো হল হস্ত শিল্পৰ এক উৎকৃষ্ট নমুনা ইয়াৰ দাম তিনিশ টকা ।
মহাৰাজে সেই পুতলা বাঘটো লৈ আহিল আচলতে পুতলা বাঘটো এজন অদক্ষ কাঠমিস্ত্ৰীয়ে খোদিত কৰিছিল । মহাৰাজ আৰু তেওঁৰ পুত্ৰই পুতলা বাঘৰ সৈতে খেলি আছিল আৰু কাঠৰ হুল এডালে মহাৰাজৰ সোঁহাতত বিন্ধিলে । পিছদিনা মহাৰাজৰ সোঁহাতত সংক্ৰমণ আৰম্ভ হল আৰু ঘা হৈ গোটেই হাতত বিয়পি পৰিল ।
মাদ্ৰাছৰ পৰা তিনিজন বিখ্যাত শল্য চিকিৎসক অনা হল অস্ত্ৰোপ্ৰচাৰ কৰা হল । চিকিৎসক কেইজনে কোঠাৰ পৰা ওলাই আহি কলে
অস্ত্ৰোপ্ৰচাৰ সফলতাৰে হৈ গল যদিও মহাৰাজৰ মৃত্যু হল ।
এইদৰে শততম বাঘেটোৱে বাঘ ৰজাৰ ওপৰত প্ৰতিশোধ ল’লে ।
No comments:
Post a Comment