Ranga’s Marriage Class 11 English Summary in Assamese
Ranga’s Marriage Class 11 English Summary in Assamese: Ranga’s marriage is written by Masti Venkatesha Iyengar. In this story, the narrator tells us about a very interesting incident from his life. It is about the village of Hosahali in Karnataka state of South Indian. Here you avail Ranga’s Marriage Class 11 English Summary in Assamese.
Ranga’s Marriage HS 1st 4 English Summary in Assamese
Ranga’s Marriage মানে ৰঙাৰ বিবাহ
Ranga’s Marriage শীৰ্ষক কাহিনীটো লিখক মস্তি ভেঙ্কটেশ আয়েং গাৰৰ দ্বাৰা ৰচিত । কাহিনীটোৰ মধ্যেমেৰে লিখকে আমাক তেওঁৰ জীৱনৰ এটা অতি আকৰ্ষণীয় ঘটনাৰ বিষয়ে অৱগত কৰাই ।
কাহিনীটো দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ হোচাহালী নামৰ গাঁৱ এখনৰ পটভূমিত ৰচিত । কাহিনীটোৱে এখন বিচিত্ৰ গাওঁৰ সৌন্দৰ্য আৰু ইয়াৰ ৰীতি-নীতি আৰু পৰম্পৰাৰ বিষয়ে বৰ্ণনা কৰে লগতে ই পশ্চিমীকৰণৰ বিৰুদ্ধে আমাৰ সংস্কৃতি সংৰক্ষণ কৰি ৰখাৰ সংগ্ৰামৰ ওপৰত আলোকপাত কৰে ।
হোচাহালী গাঁৱৰ গাণনিক জনৰ পুত্ৰ ৰঙা । গাণনিক মানে একাউণ্টেণ্ট । তেওঁ ইংৰাজী মাধ্যমৰ শিক্ষা গ্ৰহণ কৰিবলৈ বাংগালোৰলৈ যায় । সম্পূৰ্ণ ছমাহ পিছত তেওঁ পূনৰ গাৱলৈ উভতি আহে ।
আচৰিত আৰু জমনী কথাটো কি জানা ?
ভিদীঅ ৰূপত চাবলৈ লিংকটোত ক্লিক কৰক
ৰঙা যেতিয়া গাৱলৈ উভতি আহে, গাঁও বাসীয়ে তেওঁৰ ঘৰৰ চাৰিওফালে একত্ৰিত হয় । তেওঁলোকে চহৰলৈ যোৱা লৰা জনৰ কেনে পৰিবৰ্তন হৈছে তাকেই লক্ষ্য কৰিবলৈ আহে । কিন্তু সকলোৱে হতাশ হয় কাৰণ ৰঙা আগৰ দৰেই আছিল ।
ৰঙাই সকলোকে নমস্কাৰেৰে সম্ভাষণ জনাইছিল তাৰ পিছত গাঁওবাসীয়ে নিৰাশ মনেৰে নিজ নিজ ঘৰলৈ উভতি যায় ।
লিখকে হোচাহালী গাঁৱৰ আন এটা পৰিচয় দাঙি ধৰে দায়বদ্ধ কৰ্তৃপক্ষই হোচাহালী গাঁৱ খনক ভাৰতৰ মানচিত্ৰত উল্লেখ কৰিবলৈ পাহৰি গৈছিল । আৰু হোচাহালী গাঁৱ খন বিভিন্ন প্ৰকাৰৰ আমৰ খেতিৰ বাবে বিখ্যাত ।
গাওঁবাসীয়ে ৰঙাৰ ঘৰৰ পৰা নিজ নিজ ঘৰলৈ উভতি যায়, কিন্তু লিখক জনে ৰঙাৰ সৈতে কথা পাতিবলৈ তেওঁৰ ঘৰতে থাকে ।
ইয়াৰ পিছতহে আচল কাহিনী আৰম্ভ হয় ।
Ranga’s Marriage HS 1st Year Assamese Summary
লিখকে ৰঙাৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰে এনেদৰে আগবাঢ়ি গৈ, তেওঁলোকে বিবাহ সম্পৰ্কে মত বিনিময় কৰে । লিখকে বুজিবলৈ পালে যে বিবাহসম্পৰ্কে ৰঙা আৰু তেওঁৰ দৃষ্টিভংগী বহুত বেলেগ ।
লিখকে ৰঙাৰ বাবে এজনী উপযুক্ত ছোৱালী বিচাৰিব বুলি ভাবে । আনহাতে ৰঙাই কয় যে তেওঁ বিয়াৰ কথা চিন্তা কৰা নাই আৰু কেৱল এজনী পৰিপক্ক আৰু প্ৰশংসনীয় ছোৱালীক বিয়া কৰিব বিচাৰে।
তেতিয়া লিখকৰ মনলৈ ৰত্নাৰ কথা আহে । ৰত্না ৰামা ৰাওৰ এঘাৰ বছৰীয়া ভতিজী । ৰত্না এখন ডাঙৰ চহৰৰ ছোৱালী তেওঁ বীণা আৰু হাৰমোনিয়ামৰ দৰে বাদ্যযন্ত্ৰ বজোৱাত অভিজ্ঞ ।
লিখকে অনুভৱ কৰে যে ৰত্না ৰঙাৰ বাবে এটা নিখুঁত মিল হ'ব । সেয়েহে তেওঁ ৰঙাৰ বিবাহ ৰত্নাৰ সৈতে সম্পন্ন কৰাৰ কথা ভাবে । লিখকে পৰিকল্পিত ভাৱে ৰঙা আৰু ৰত্নাৰ চিনাকি মঞ্চস্থ কৰাই ।
ৰত্নাক দেখাৰ লগে লগে ৰঙা মোহিত হয় । লিখকে ৰঙাৰ মনৰ ভাব বুজি উঠে ।তেওঁ ৰঙাক মিছা কথা কয় যে ৰত্না বিবাহিত । এইটোৱে ৰঙাক নিৰাশ কৰি তোলে যিহেতু তেওঁ ৰত্নাক ভাল পাবলৈ আৰম্ভ কৰে ।
তাৰ পিছত লিখকৰ পৰিকল্পনা অনুসৰি, তেওঁ এজন জ্যোতিষীৰ ওচৰলৈ ৰঙাক লৈ যায় । লিখকে জ্যোতিষীৰ সৈতে ব্যৱস্থা কৰিছিল আৰু সকলোবোৰ পূৰ্বপৰিকল্পিত আছিল ।
জ্যোতিষীয়ে ৰঙাক কিছুমান প্ৰশ্ন কৰে জ্যোতিষী জনে ৰঙাক কয় যে তেওঁ এজনী ছোৱালীৰ প্ৰেমত পৰিছে যাৰ নাম ৰত্নাৰ দৰে । এই কথা শুনি ৰঙা বহুত সুখী হয় একে সময়তে ৰত্নাক নোপোৱাৰ কাৰণত আকৌ দুখিত হয় ।
ৰঙাই ৰত্নাক ভাল পায় বুলি নিশ্চিত হোৱাৰ পিছত, লিখকে তেওঁলোকৰ বিবাহ সম্পন্ন কৰাৰ সিদ্ধান্ত লয় । লিখকে ৰঙাৰ বাবে বিয়াত ৰত্নাৰ হাত সুধিবলৈ তেওঁলোকৰ ঘৰলৈ যায়।
অৱশেষত, কাহিনীটো দহ বছৰৰ পিছলৈ দ্ৰুতগতিত আগবাঢ়ি যায় । ৰঙাই তেওঁৰ পুত্ৰৰ তৃতীয় জন্মদিনলৈ লিখকক নিমন্ত্ৰণ কৰিছে । শেষত আমি জানিবলৈ পাও যে ৰঙা আৰু ৰত্নাই তেঁওলোকৰ পুত্ৰৰ নাম লিখকৰ নামেৰে ৰাখিছিল যিয়ে তেওঁলোকৰ বিবাহ সম্পন্ন হোৱাটো সম্ভব কৰিছিল ।
আশা কৰিছো, ইয়াত প্ৰস্তুত কৰা সাৰাংশটি পঢ়ি তোমালোকে সন্তুষ্ট হৈছা । যদি সঁচাকৈ ভাল লাগিছে বন্দুবৰ্গ আৰু সহপাঠীৰ সৈতে share কৰিবা । ধন্যবাদ ।
No comments:
Post a Comment