9.5.22

Biomedical Engineering Course Details in Assamese

Biomedical Engineering Course Details in Assamese

Biomedical Engineering Course Details in Assamese


Biomedical Engineering Course Details in Assamese: Biomedical engineering চমুকৈ BME হৈছে এক নিৰ্দিষ্ট প্ৰকাৰৰ অভিযান্ত্ৰিক যি স্বাস্থ্যসেৱাৰ উদ্দেশ্যে, ঔষধ, জীৱবিজ্ঞানত অভিযান্ত্ৰিক নীতি আৰু ডিজাইন ধাৰণা প্ৰয়োগৰ সৈতে সম্পৰ্কিত ।


এই ক্ষেত্ৰখনে অভিযান্ত্ৰিক আৰু ঔষধৰ মাজৰ ব্যৱধান কম কৰিছে । চিকিৎসা জৈৱ বিজ্ঞানৰ সৈতে অভিযান্ত্ৰিকৰ ডিজাইন আৰু সমস্যা সমাধানৰ দক্ষতা একত্ৰিত কৰি উন্নত স্বাস্থ্য সেৱা চিকিৎসা আগবঢ়াব বিচাৰে, যাৰ ভিতৰত আছে ৰোগ নিৰ্ণয়, নিৰীক্ষণ, আৰু নিদনিক চিকিৎসা সেৱা ।


ইয়াত অন্তৰ্ভুক্ত থাকে চিকিৎসালয় সমূহত বৰ্তমানৰ চিকিৎসা সঁজুলিৰ ব্যৱস্থাপনা, নিয়মীয়া পৰীক্ষা, প্ৰতিৰোধমূলক তত্বাৱধান আৰু প্ৰাসঙ্গিক উদ্যোগৰ মানদণ্ড পালন কৰা । 


How to Become Biomedical Engineer class 12 Complete details in Assamese

Biomedical ইঞ্জিনিয়াৰ সকলৰ কাম চিকিৎসাজনিত সমস্যা নিৰ্ণয় কৰাৰ বাবে যন্ত্ৰ বা সজুলি নিৰ্মাণ, কৃত্ৰিম আভ্যন্তৰীণ অঙ্গ, শৰীৰৰ অংশবোৰ সলনি কৰা, জৈৱ প্ৰস্থেছৰ বিকাশ, নিদানিক সঁজুলিৰ পৰা মাইক্ৰ 'ইমপ্লাণ্টলৈকে বিভিন্ন ৰোগ নিৰ্ণয় আৰু থেৰাপিউটিক চিকিৎসা সঁজুলি, জৈৱ চিকিৎসা সঁজুলি স্থাপন, ৰক্ষণাবেক্ষণ কৰা বা কাৰিকৰী সহায় তাত উপলব্ধ কৰা । 



Biomedical ইঞ্জিনিয়াৰিং শেহতীয়াকৈ আন বহুতো অভিযান্ত্ৰিক ক্ষেত্ৰৰ তুলনাত আকৰ্ষণীয় আৰু আটাইতকৈ চাহিদাপূৰ্ণ কেৰিয়াৰৰ পথ হিচাপে আত্মপ্ৰকাশ কৰিছে । 


এই পাঠ্যক্ৰমৰ নিম্নতম স্তৰৰ পাঠ্যক্ৰমটো হল Diploma in Biomedical engineering । 



Diploma in Biomedical Engineering

Diploma in Biomedical engineering হৈছে তিনি বছৰীয়া কাৰ্যসূচী । এই পাঠ্যক্ৰমে শিক্ষাৰ্থী সকলক অভিযান্ত্ৰিক কৌশলৰ লগতে চিকিৎসা প্ৰযুক্তিৰ বিষয়ে শিকায় ।


class 10 অাৰু class 12 বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে এই পাঠ্যক্ৰমটো অনুসৰণ কৰিব পাৰে । 


আগ্ৰহী শিক্ষাৰ্থী সকলে class 10 বা class 12 উত্তীৰ্ণ হোৱাৰ পিছত বহুত কম সৰচত polythechnic অধ্যয়ন ক্ষেত্ৰৰ মাধ্যমেৰে অনুসৰণ কৰিব পাৰে । গড় মাচুল বছৰি প্ৰায় ছয়ৰ (৬,০০০)পৰা দহ হাজাৰ (১০,০০০) মান হব ।


অসমত private কলেজ হলে বিশ হাজাৰ(২০,০০০) মান হব ।


Polythechnic ৰ বিষয়ে আলোচনা কৰি ভীদিঅ বনাইছোঁ, description ত link দিয়া আছে, ভীদিঅটো চালে polythechnic ৰ বিষয়ে বহু কথাই জানিবলৈ পাবা । 



Diploma পাঠ্যক্ৰমৰ পিছৰ পৰ্যায় হল B Tech 



B Tech in Biomedical Engineering

B Tech in Biomedical Engineering হৈছে চাৰি বছৰীয়া স্নাতক ডিগ্ৰী কাৰ্যসূচী । এই পাঠ্যক্ৰমে অভিযান্ত্ৰিক ধাৰণা আৰু সামগ্ৰীবোৰত ঔষধ আৰু স্বাস্থ্যসেৱা প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু 


ই হৈছে এক বহুমুখী ষ্টেম ক্ষেত্ৰ যি জীৱবিজ্ঞান আৰু অভিযান্ত্ৰিকৰ মিশ্ৰণ কৰে । 


প্ৰাথমিক যোগ্যতাৰ চৰ্ত হৈছে physics, chemestry আৰু maths বিষয়ক বাধ্যতামূলক বিষয় হিচাপে স্বীকৃত বৰ্ডৰ পৰা class 12 উত্তীৰ্ণ হব লাগিব । 


লগতে JEE Mains,  JEE Advance,  GATE আদি ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ৰ ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষাত যোগ্যতা অৰ্জন কৰিব লাগিব । গড় মাচুল বছৰি প্ৰায় তিনিৰ (৩,০০,০০০) পৰা দহ লাখ (১০,০০০০০) মান হব ।


পলিটেকনিক পাঠ্যক্ৰম কৰা প্ৰাৰ্থিয়ে Lateral entry ৰ মাধ্যমেৰে প্ৰাসঙ্গিক B.Tech বা BE পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষত পোনপটীয়াকৈ নামভৰ্তি কৰিব পাৰে ।



BTech পাঠ্যক্ৰমৰ পিছৰ পৰ্যায় হল MTech 



M Tech in Biomedical Engineering

M Tech in Biomedical Engineering হৈছে দুবছৰীয়া post graduation কাৰ্যসূচী । 


এই পাঠ্যক্ৰমত জৈৱবিজ্ঞান আৰু প্ৰযুক্তিৰ সঙ্গম, যি স্বাস্থ্যসেৱা, মানৱ জীৱন আৰু ঔষধৰ মানদণ্ড উন্নত কৰাৰ বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃত অধ্যয়ন আৰু গৱেষণাৰ কাম অন্তৰ্ভুক্ত থাকে । 


M Tech ৰ বাবে মৌলিক যোগ্যতাৰ চৰ্ত হল প্ৰাৰ্থী গৰাকী BTech উৰ্ত্তীণ হব লাগিব । গড় মাচুল বছৰি প্ৰায় তিনি লাখ (৩,০০,০০০) মান হব ।



ইয়াৰ পিছত আছে Phd, ইয়াৰ বিষয়ে পিছত বেলেগ এটা ভীদীঅত আলোচনা কৰিম ।


এনেকুৱা বহুতো আছে যিসকলে biomedical ইঞ্জিনিয়াৰিংত স্নাতক হোৱাৰ পিছত চিকিৎসক হ'বলৈ এখন চিকিৎসা বিদ্যালয়ৰ পথ লয় আনহাতে বহুতেই MBBS ডিগ্ৰী ধাৰণ কৰাৰ পিছত Biomedical Engineering ক্ষেত্ৰৰ পিনে আকৰ্ষিত হয় ।


তেওঁলোকে বিভিন্ন চিকিৎসা প্ৰয়োগৰ বাবে কম্পিউটাৰ প্ৰ'গ্ৰাম ডিজাইন আৰু বিকাশৰ ওপৰত গুৰুত্ব দিয়ে।




Biomedical Engineering Jobs in Assam

পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত medical, Pharmaceutical industry,  লগতে মেডিচিনৰ বিভিন্ন খণ্ডত চাহিদা থকা বৃত্তিত নিয়োজিত হব পাৰে । 


স্বাস্থ খণ্ডৰ বিপ্লৱৰ পিছৰে পৰা ভাৰতৰ লগতে বিদেশৰ বিভিন্ন খণ্ডত দ্ৰুতগতিত নিযুক্তিৰ সুযোগ মুকলি হৈছে আৰু আটাইতকৈ আকৰ্ষণীয় কেৰিয়াৰ বিকল্পহৈ পৰিছে ।


Biomedical ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত জনপ্ৰিয় career বিকল্পবোৰ হল 

Biomedical Officer

Manufacturing Engineer

Biomedical Engineer

Instrument Engineer

Installation Engineer

Rehabilitation Engineer

Maintenance Engineer 

Biomaterials Developer

Medical Technology Developer

Independent Consultant

Biomedical Scientist

Researcher আৰু বহুতো আছে 



আশা কৰিছোঁ তোমালোকে কিছুমান তথ্য শিকিবলৈ পাইছ । একেধৰণে অধিক কেৰিয়াৰ বিষয়ত ভিডিঅৰ notification পাবলৈ channel টো SUBSCRIBE কৰিব পাৰা, মই আলোচনা কৰা তথ্য বোৰ জানিবলৈ পায় যদি সন্তুষ্ট হৈছা Like এটা কৰি দিয়া, বন্ধু বৰ্গ আৰু সহপাঠীসকলৰ সৈতে share কৰিবা, 


ধন্যবাদ।


No comments:

Post a Comment