The Fun They Had Class 9 Summary in Assamese
The Fun They Had Class 9 Summary in Assamese: The Fun They Had is lesson 1 Class 9 English NCERT text-book. The Fun They Had is written by American writer Issac Ashimov. Here you can read The Fun They Had Class 9 Summary in Assamese.
দ্য ফান দে হেড" হৈছে আমেৰিকান লিখক আইজাক আচিমভৰ দ্বাৰা ৰচিত এটা কল্পবিজ্ঞান কাহিনী । ই প্ৰথমবাৰৰ বাবে ১৯৫১ চনত এখন শিশু বাতৰি কাকতত প্ৰকাশ পাইছিল আৰু ১৯৫৪ চনৰ ফেব্ৰুৱাৰী মাহত দ্য মেগাজিন অৱ ফেণ্টাচী এণ্ড চাইন্স ফিকচনত পুনৰ প্ৰকাশ কৰা হৈছিল ।
The Fun They Had Assamese Summary Class 9 English
এই পাঠত লিখকে ২১৫৭ চনৰ পৃথিৱীৰ এক ভৱিষ্যতৰ প্ৰতিচ্ছবি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে । তেওঁ ভাবে যে ভৱিষ্যতে কোনো কাগজ আৰু মুদ্ৰিত কিতাপ আৰু বিদ্যালয় নাথাকিব । ভৱিষ্যতে টেলিভিছন স্ক্ৰীণ বা কম্পিউটাৰৰ সহায়ত অনলাইন ত শিক্ষা দান কৰা হ'ব আৰু শিক্ষকজন সাধাৰণ মানুহৰ সলনি যান্ত্ৰিক শিক্ষক হ'ব ।
The Fun They Had Summary in Assamese Class 9 English Assamese Medium
এই পাঠটোত লিখকে বিশ্বৰ ভৱিষ্যত চিত্ৰ এখন উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছে। লিখকে পাঠকসকলৰ সন্মুখত ২১৫৭ চনৰ সময়ৰ কথা উপস্থাপন কৰিবলৈ বিচাৰিছে ।
মাৰ্জি আৰু টমী দুগৰাকী শিশুৰ জৰিয়তে লিখকে তেওঁৰ ভাৱধাৰা আৰু, চিন্তা দাঙি ধৰিছে । কনমাণি শিশু টমীয়ে তাৰ আজোককাদেউতাকৰ সময়ৰ এখন বাস্তৱ কিতাপ পাইছে ।
মাৰ্জিৰ ককাদেউতাকেও এবাৰ তাইক কৈছিল যে এনেকুৱা এটা সময় আছিল য’ত সকলোবোৰ গল্প-কাহিনী কাগজত ছপা হৈ আছিল । প্রকৃততে লিখকে পাঠকসকলক বিশ্বাস কৰাবলৈ চেষ্টা কৰিছে যে ভৱিষ্যতে কোনো ধৰণৰ ছপা কিতাপ আৰু বিদ্যালয় নাথাকে । ভবিষ্যতে এনেকুৱা বিদ্যালয় থাকিব য'ত ল'ৰা-ছোৱালীবোৰে টেলিভিছন স্ক্ৰীণ বা কম্পিউটাৰৰ সহায়ত অন লাইনত অধ্যয়ন কৰিব লাগিব ।
সেই সময়ত শিক্ষকবোৰ পার্থিব মানৱ নহ'ব কিন্তু এক যান্ত্রিক মানৱ হ'ব যিয়ে স্ক্রীনত ওলাব । মাৰ্জি আৰু টমীয়ে বহিছিল আৰু সেই বাস্তৱ কিতাপখন পঢ়ি আছিল । টমীয়ে এইটো তাৰ সৰু ঘৰটোত পাইছিল ।
মাৰ্জিয়ে তাইৰ যান্ত্ৰিক শিক্ষকগৰাকীক বৰ বেয়া পাইছিল কাৰণ তেওঁ পার্থিব মানৱ নাছিল । বৰং তাইৰ শিক্ষকগৰাকী তাইৰ অধ্যয়ন কক্ষত থকা স্ক্ৰীনত ভাহি উঠা এটা প্ৰতিমূৰ্তি আছিল ।
তাইৰ শিক্ষকে তাইক কিছু নির্দেশনা দিছিল আৰু তাই সেইবোৰ অনুসৰণ কৰিছিল । মাৰ্জিয়ে মাত্র অংকবোৰ সমাধান কৰিছিল আৰু তাইৰ উত্তৰ কাকতসমূহ শ্লটত ভৰাইছিল । শিক্ষকে মুহূর্ততে সেইবোৰ পৰীক্ষা কৰিছিল আৰু তাইক ফলাফল দেখাইছিল।
মাৰ্জিয়ে তাইৰ ভূগোল বিষয়ৰ শিক্ষকগৰাকীক বৰ বেয়া পাইছিল। ভূগোল বিষয়ত তাইৰ বিফলতাৰ বাবে মাৰ্জিৰ মাকে এজন পৰিদৰ্শকক মাতিছিল, যিয়ে সমস্যাটো বাহিৰ কৰিবলৈ চেষ্টা কৰিছিল ।
তেওঁ ৰঙা মুখ এখনেৰে এগৰাকী চুটি মানুহ আছিল । কনমাণি ছোৱালীজনীৰ সৈতে তেওঁ বিশেষ সমস্যা উলিয়াব পৰা নাছিল বৰং স্ক্ৰীনখনৰ গতি তাইৰ বাৱে অতি বেগী বুলি কৈছিল । মাৰ্জিয়ে এই কথাত্ অসন্তুষ্ট হৈছিল কাৰণ তাই শিক্ষকগৰাকীক আঁতৰ কৰিব বুলি আশা কৰিছিল ।
মাৰ্জিয়ে হতভম্ব হৈছিল যেতিয়া টমীয়ে তাইক বিদ্যালয় আৰু কিতাপৰ বিষয়ে কৈছিল । বিদ্যালয়ৰ বিষয়ে কওঁতে মাৰ্জিয়ে একোকে বুজিবলৈ সমৰ্থ হোৱা নাছিল । তাই তাইৰ বিদ্যালয় আৰু যান্ত্ৰিক শিক্ষকগৰাকীক অধিক ঘৃণা কৰিছিল।
টমীয়ে তাইক কৈছিল পুৰণিকালত এগৰাকী সাধাৰণ আৰু প্ৰকৃত মানৱ শিক্ষক আছিল যিয়ে বিদ্যালয় নামৰ এটা বিশেষ ঘৰত সকলোবিলাক ছাত্র-ছাত্রীক একেলগে শিক্ষা প্ৰদান কৰিছিল । এই কথাটো শুনি মাৰ্জি বিস্মিত হৈছিল।
সিহঁত দুয়ো কিতাপখনৰ আধা অংশ শেষ কৰিব নাপাওতেই মাৰ্জিৰ মাকে তাইক মাতিছিল । তাৰ পিছত মাৰ্জিয়ে তাইৰ বিদ্যালয় কোঠাত প্ৰবেশ কৰিছিল আৰু তাইৰ যান্ত্রিক শিক্ষকগৰাকীয়ে তাইলৈ অপেক্ষা কৰি থকা দেখিছিল ।
যান্ত্রিক শিক্ষকগৰাকীয়ে তাইক গণিতৰ এটা পাঠ শিকাবলৈ লৈছিল । পাঠটো আছিল বিশেষ ভগ্নাংশৰ যোগ সম্পৰ্কীয়, য’ত মাৰ্জিৰ কোনো ৰাপ নাছিল ।
তাই তেতিয়াও পুৰণি বিদ্যালয়খনৰ বিষয়ে ভাবি আছিল য’ত প্রতিবেশীৰ সকলো ছাত্র-ছাত্রী একেলগে তালৈ আহিব আৰু একেখন চালিৰ তলত বহি অধ্যয়ন কৰিব । মাৰ্জিয়ে সিহঁতে বিদ্যালয়ত পোৱা আনন্দবিলাকৰ কথা ভাবি আছিল ।
পাঠ টিৰ সাৰাংশ আলোচনা কৰিলোঁ, তোমালোকে বুজি পালানে বুজাত যদি কিবা অসুবিধা হৈছে comment কৰি সুধিবাদেই । আশা কৰিছোঁ তোমালোকে সন্তুষ্ট হৈছা, বন্ধু বৰ্গ আৰু সহপাঠীসকলৰ সৈতে share কৰিবা ।
No comments:
Post a Comment